নিউজ ডেস্কঃ ৰে’লত চুৰি কৰিবলৈ আহি লটিঘটি হ’ল খোদ চোৰৰ। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে চোৰৰ লটিঘটিৰ এটা ভিডিঅ’।
দৰাচলতে এই ঘটনা বিহাৰৰ খগৰীয়া ৰে’ল ষ্টেছনত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ভাইৰেল ভিডিঅ’টোত এজন লোকক ৰে’লৰ খিৰিকিৰ বাহিৰত ওলমি কাতৰ ভাৱে চিঞৰি থকা দেখিবলৈ পোৱা গৈছে। ভিতৰৰ পৰা ব্যক্তিজনক পৰি যাহ নিদিয়াকৈ দুয়োখন হাতত ধৰি আছে দুজনে।
ঘটনাৰ বিৱৰণী অনুসৰি, খগৰীয়া ৰে’ল ষ্টেছনত মোবাইল চুৰি কৰিবলৈ আহিছিল চোৰটোৱে। খিৰিকিৰে ৰে’ল যাত্ৰীৰ মোবাইল থপিয়াই নিয়াৰ ঘটনা পূৰ্বেও বহুবাৰ সংঘটিত হৈছে সেই ৰে’ল ষ্টেছনটোত।
Mobile Phone Thief caught in a Moving Train in Bihar; begged for Life. Saved. #TNI #Insight pic.twitter.com/FQfG4WXXrx
— The News Insight (TNI) (@TNITweet) September 15, 2022
কিন্তু এইবাৰ যেন চোৰৰ দিন বেয়া আছিল। চোৰটোৱে খিৰিকিৰে হাত ভৰাই এজন যাত্ৰীৰ মোবাইল থপিয়াব খোজতেই যাত্ৰীৰ হাতত চোৰটো ধৰা পৰে।
আৰু হেন সময়তে ৰে’লখন চলিবলৈ আৰম্ভ কৰাত খিৰিকিৰ বাহিৰতে ওলমি ৰয় চোৰটো। ইফালে লাহে লাহে গতি লোৱা ৰে’লৰ পৰা সৰি পৰাৰ ভয়ত চোৰটোৱে চিঞৰিবলৈ ধৰে- হাতখন এৰি নিদিব… হাতখন এৰি নিদিব।
আনহাতে যাৰ মোবাইল চুৰি কৰিবলৈ আহি চোৰৰ এই বিলৈ হ’ল, সেইগৰাকী ৰে’ল যাত্ৰীয়েই চোৰৰ হাতত ধৰি পৰিব নিদিয়াকৈ জীৱন ৰক্ষা কৰে।
সামাজিক মাধ্যমত ইতিমধ্যে দ্ৰুতগতিত ভাইৰেল হৈ পৰা চোৰৰ এই বিলৈৰ ভিডিঅ’ দেখি আমোদ লৈছে নেট ব্যৱহাৰকাৰীয়ে।









