বিমান বন্দৰত সোণৰ সৰবৰাহত সহায় কৰিবলৈ গৈ আটক ইণ্ডিগ’ এয়াৰলাইন্সৰ ২ বিষয়া

নিউজ ডেস্কঃ সোণৰ সৰবৰাহত সহায় কৰাৰ অভিযোগত আটক কৰা হ’ল ইণ্ডিগ’ এয়াৰলাইন্সৰ দুজন বিষয়াক।

বৃহস্পতিবাৰে কাঝিকোড আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সোণ সৰবৰাহত সহায় কৰাৰ সময়তে শুল্ক বিভাগে আটক কৰে বিষয়া দুজনক।

ধৃত ইণ্ডিগ’ এয়াৰলাইন্সৰ বিষয়া সাজিদ ৰহমান আৰু মহম্মদ সমিল নামৰ বিষয়া দুগৰাকীয়ে এজন যাত্ৰীক ৪.৯ কিলোগ্ৰাম সোণ সৰবৰাহত সহায় কৰিবলৈ গৈ থকা সময়ত হাতে লোটে ধৰা পৰে।

gold airtport
বিমান বন্দৰত সোণৰ সৰবৰাহত সহায় কৰিবলৈ গৈ আটক ইণ্ডিগ’ এয়াৰলাইন্সৰ ২ বিষয়া 2

শুল্ক বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, বিমান বন্দৰত সামগ্ৰী পৰিত্যাগ কৰি পলায়ন কৰা এজন যাত্ৰীৰ লাগেজত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ সোণখিনি।

জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় ২.৫ কোটি টকা হব বুলি অনুমান কৰা হৈছে।