১৬ দিন পাৰ হ’ল! আজিও সন্ধান নাই বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হোৱা শিক্ষক মনেশ্বৰ কলিতাৰ…

নিউজ ডেস্কঃ ১৬ দিন পাৰ হ’ল! কিন্তু আজিও কোনো সম্ভেদ নাই বিদ্যালয়লৈ যোৱাৰ পিছতে সন্ধানহীন হোৱা কাৰ্বি আংলঙৰ ডকমকাৰ লাংহিনৰ নিৱাসী তথা ছামেলাংছ’ আৰক্ষী থানাৰ অন্তৰ্গত ৰং আৰি ইংলিছ এম ই স্কুলৰ শিক্ষক মনেশ্বৰ কলিতা (৪৬)ৰ।

উল্লেখ্য যে, যোৱা ৩০ আগষ্টত ঘৰৰ পৰা পুৱা বিদ্যালয়লৈ বুলি মটৰ চাইকেল লৈ ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈছিল শিক্ষক মনেশ্বৰ কলিতা। পিছদিনা অৰ্থাৎ ৩১ আগষ্টত ছামেলাংছ’ৰ ৰাৱণঘাটত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল শিক্ষক গৰাকীৰ মটৰ চাইকেলখন।

শিক্ষকগৰাকীৰ সন্ধানহীন সন্দৰ্ভত পৰিয়ালৰ লোকে ছামেলাংছ’ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও ঘটনাৰ ১৬ দিন অতিক্ৰম কৰাৰ পিছতো আজিও কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই মনেশ্বৰ কলিতাৰ।

photo1663242881
১৬ দিন পাৰ হ’ল! আজিও সন্ধান নাই বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হোৱা শিক্ষক মনেশ্বৰ কলিতাৰ… 2

আৰক্ষীয়ে শিক্ষক গৰাকীৰ অপহৰণ হোৱাৰ সন্দেহ কৰিছে। অন্যহাতে ৰহস্যজনকভাৱে তেওঁৰ মোবাইল নম্বৰত কৰা প্ৰতিটো ফোন ফৰৱৰ্ড হয় ভাতৃ সমৰ কলিতাই।

দুই সন্তানৰ পিতৃ মনেশ্বৰ কলিতাৰ সন্ধানহীনতাত মানসিকভাৱে ভাগি পৰিছে পত্নী তথা গোটেই পৰিয়াল। শিক্ষকগৰাকীক বিচাৰি উলিয়াবলৈ আৰক্ষীক কৰযোৰে আহ্বান জনাইছে পৰিয়ালটোৱে।

আনহাতে বিগত ১৬ দিন ধৰি এগৰাকী শিক্ষক এনেদৰে সন্ধানহীন হৈ থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ্বি আংলঙৰ ডকমকাত।