ৰেগিং কাণ্ড! তদন্তৰ আওতালৈ অনা হ’ব ডিব্ৰগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো, মুখ্যমন্ত্ৰীয়ে দিলে এই বাৰ্তা…

নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিমা সনা ৰেগিঙৰ ঘটনাক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

শিলচৰত সংবাদমেল সম্বোধন কৰি এই ৰেগিং কাণ্ডক লৈ আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

আনহাতে এই ঘটনা ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই সংঘটিত হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো তদন্তৰ আওতাত আনিবলৈ ইতিমধ্যে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।

অসমৰ কোনো বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়তে ৰেগিং কোনো কাৰণতে সহ্য কৰা নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কামকাজত কেবিনেট অসন্তুষ্ট।

ছেপ্টেম্বৰ মাহতে সংঘটিত এনে ঘটনা এটা গাপ দিয়াৰ চেষ্টা চলাইছিল নেকি বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী অধ্যক্ষৰ লগতে সকলোৰে ওপৰত তদন্ত কৰা হ’ব বুলি আশ্বাস দিব।

অন্যহাতে এই ৰেগিং কাণ্ডৰ সৈতে জড়িত আটাইকে গ্ৰেপ্তাৰ কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ পৰা হাত সাৰিবলৈ দুমহলাৰ পৰা জপিয়াইছিল আনন্দ শৰ্মা নামৰ বাণিজ্য শাখাৰ এজন ছাত্ৰই।

বিশ্ববিদ্যালয়খনৰ পদ্মনাথ গোহাঁঞিবৰুৱা ছাত্ৰ নিৱাসত সংঘটিত হৈছিল এই ঘটনা।

বৰ্তমান হাস্পতালৰ আইচিইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ছাত্ৰজন।

ইফালে এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৪ জন অভিযুক্ত ছাত্ৰক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।

কিন্তু বৰ্তমানো পলাতক হৈ আছে ৰেগিং কাণ্ডৰ মূল খলনায়ক ৰাহুল চেত্ৰী নামৰ ছাত্ৰজন।

অভিযুক্ত সকলৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।