ৰহস্যজনক! ঘৰৰ কাষৰ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ শিক্ষক অশোক বৰাৰ মৃতদেহ…

নিউজ ডেস্কঃ বিশ্বনাথৰ এগৰাকী শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

মঙলবাৰে পুৱা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় বিশ্বনাথ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অশোক বৰাৰ মৃতদেহ।

জানিব পৰা মতে, বিশ্বনাথ আৰু শোণিতপুৰ আছুৰ প্ৰাক্তন নেতা অশোক বৰাৰ মৃতদেহ পুৱা তেওঁৰ বিশ্বনাথ নগৰৰ মধুপুৰস্থিত বাসগৃহৰ সমীপৰ এডাল গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

ইফালে এই ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বিহালীলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্তত এয়া এক আত্মহত্যাৰ ঘটনা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।

কিন্তু শিক্ষকগৰাকীয়ে কি কাৰণে এনে এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়া এতিয়াও স্পষ্ট নহয়।

অশোক বৰাৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।