নতুনকৈ ১০ লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ ধন, গুৱাহাটীত ফ্লাই অভাৰ…! জানক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে…

নিউজ ডেস্কঃ বৰাক উপত্যকাৰ শিলচৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

কেবিনেট বৈঠকৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত গুৱাহাটীত ৩ খন উৰণীয়া সেঁতু নিৰ্মাণত অনুমোদন চৰকাৰৰ।

অহা এবছৰৰ ভিতৰত মহানগৰীৰ ডাউন টাউন, ফটাশিল আৰু গড়চুকত উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

ইফালে ৰাজ্যত নতুনকৈ ১০ লাখ ৫৭ হাজাৰ ৫১৬ গৰাকী হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত কেবিনেটৰ।

যাৰ ফলত মুঠ অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা হ’বগৈ ২৭ লাখ ৭৭ হাজাৰ জন।

৩১ মাৰ্চৰ ভিতৰত দিয়া হ’ব নতুন অৰুণোদয় হিতাধিকাৰী। ৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই আঁচনিৰ আবেদন প্ৰক্ৰিয়া।

ইফালে ২০ ফেব্ৰুৱাৰীৰ ভিতৰত বাচনি কৰা হ’ব হিতাধিকাৰীক। তাৰ পিছতে ১০ এপ্ৰিলত প্ৰথম কিস্তিৰ ধন পাব হিতাধিকাৰীয়ে।

অন্যহাতে দীনদয়াল দিব্যাংগ আঁচনিৰ হিতাধিকাৰীকো অৰুণোদয় আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত চৰকাৰৰ।

অহা বছৰত আৰু ৮ লাখ হিতাধিকাৰী সৃষ্টিৰ লক্ষ্য চৰকাৰৰ।

মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা মতে, শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৩২২টা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। ৩২ বছৰ পুৰণি প্ৰস্তাৱো অনুমোদন কেবিনেটত।

১৯৯০ চনত দিয়া প্ৰকল্পৰ প্ৰস্তাৱত আজি কেবিনেটে অনুমোদন জনায় বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়া মতে, বৰঝাৰ বিমান বন্দৰৰ পৰা আজাৰলৈ নতুন পথ নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত।

একেদৰে পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মাণৰো পৰিকল্পনা হাতত লৈছে চৰকাৰে।

মাজুলী-লখিমপুৰ সংযোগী দলং নিৰ্মাণৰো সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।