ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’…

নিউজ ডেস্ক। শব্দ প্ৰদূষণকাৰী শতাধিক চাইলেন্সাৰৰ ওপৰেৰে চলিল আৰক্ষীৰ ৰােলাৰ।

আইন বিৰুদ্ধভাৱে দুচকীয়া বাহনত অতি উচ্চ প্ৰাবল্যৰ শব্দ সৃষ্টি কৰা চাইলেন্সাৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিল মহাৰাষ্ট্ৰৰ বান্দ্ৰা আৰক্ষীৰ।

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ এক বিশেষ অভিযানৰ অংশ হিচাপে মুম্বাইৰ বান্দ্ৰা ট্ৰেফিক আৰক্ষীয়ে যোৱা দুমাহত, উচ্চ স্বৰৰ ম’ডিফাইড চাইলেন্সাৰ ব্যৱহাৰ কৰাৰ বাবে ১০০ ৰো অধিক বাইক আৰোহীক আটক কৰিছে।

G1 18
ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’... 4

আৰক্ষীয়ে এনে চাইলেন্সাৰসমূহ ৰাস্তাৰ ৰোলাৰৰ জৰিয়তে পিষ্ট কৰি নষ্ট কৰি পেলায়। আনহাতে অভিযুক্ত সকলক মটৰ বাহন আইনৰ অধীনত ১০০০ টকা জৰিমনা বিহা হয়।

বান্দ্ৰা যান-বাহন বিভাগৰ আৰক্ষী উপায়ুক্ত (ডিচিপি) ৰোশন ৰাজতিলকে কয়, “আমাৰ বিশেষ ‘ৰাস্তা সুৰক্ষা’ অভিযানৰ অংশ হিচাপে, যোৱা দুমাহত পৰিৱৰ্তিত চাইলেন্সৰ ব্যৱহাৰ কৰাৰ অভিযোগত বহুতো বাইক আৰোহীক জৰিমনা বিহা হৈছে। অভিযুক্ত অধিক সংখ্যকেই ১৯-২৫ বছৰ বয়সৰ। আনহাতে তেওঁলোকে চলোৱা বাহনসমূহৰ সৰ্বাধিক কেটিএম, পালচাৰ বা ৰয়েল এনফিল্ড বাইক।”

G3 16
ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’... 5

ম’ডিফাইড চাইলেন্সৰ ব্যৱহাৰ কৰা এনে বাইক আৰোহীক প্ৰথমাৱস্থাত এহেজাৰ টকা বিহা হৈছে যদিও পুনৰ নিয়ম ভংগ কৰিলে ৪,৫০০ টকা জৰিমনা বিহা হব বুলিও যান-বাহন বিভাগৰ আৰক্ষী উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

G4 12
ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’... 6

তেওঁ লগতে কয় যে এই চাইলেন্সাৰবোৰ শব্দ প্ৰদূষণৰ বাবে দায়বদ্ধ আৰু স্বাস্থ্যৰ বাবে বিপদজনক। ম’ডিফাইড চাইলেন্সাৰৰ সৈতে পোৱা বেছিভাগ উলংঘনকাৰী মাহিম কজৱে, কাৰ্টাৰ ৰোড, বেণ্ডষ্টেণ্ড আৰু জুহু বীচ অঞ্চলৰ নিবাসী।

ডিচিপি ৰাজতিলকে কয়, “আমি ট্ৰেফিক আৰক্ষীৰ এপ্লিকেচন, টুইটাৰ হেণ্ডেল আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ অভিযোগৰ ওপৰতো কাম কৰি আছো।”

তেওঁ লগতে কয়, “এই উচ্চ স্বৰত পৰিৱৰ্তিত চাইলেন্সাৰবোৰৰ মূল্য ৫,০০০-১০,০০০ টকাৰ ভিতৰত। তেওঁলোকে শ্ৰৱণ শক্তি ক্ষতিগ্ৰস্ত কৰিব পাৰে আৰু পথচাৰীসকলক ভয় খুৱাব পাৰে। আমি বহুতো অভিযোগ পোৱাৰ পিছত এই বিশেষ অভিযানটো আৰম্ভ কৰিছিলো। আমি গেৰেজবোৰক পৰিৱৰ্তিত চাইলেন্সাৰ বিক্ৰী নকৰিবলৈও সতৰ্ক কৰি দিছো। উলংঘনৰ ক্ষেত্ৰত, গেৰেজৰ মালিকসকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হ’ব।”

ডিচিপি ৰাজতিলকে পুনৰ কয়, “এই চাইলেন্সাৰবোৰ ধ্বংস কৰাৰ বাবে আমি শুক্ৰবাৰে ৰাতিপুৱা ৰোড ৰ’লাৰৰে পিষ্ট কৰোঁ। আমি দুৰ্ঘটনাপ্ৰৱণ ঠাইবোৰো বিচাৰি আছোঁ আৰু বাইক আৰোহীসকলক তেওঁলোকৰ সুৰক্ষাৰ বাবে হেলমেট পিন্ধিবলৈ আহ্বান জনাইছো। উলংঘনকাৰীসকলক ধৰিবলৈ আমাক সহায় কৰিবলৈ, সমগ্ৰ চহৰখনত ৫,৩০০ চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে।”

এনে ম’ডিফাইড চাইলেন্সৰ শব্দই শব্দ প্ৰদূষণ কৰাৰ লগতে গৰ্ভৱতী মহিলা আৰু শিশুৰ শ্ৰৱণ শক্তিৰ ওপৰতো প্ৰভাৱ পেলায়।

Leave a Comment