মহানগৰীৰ কামাখ্যা গেটত ভয়ংকৰ পথ দুৰ্ঘটনা! সম্পুৰ্ণ বিধ্বস্ত এল্ট’ বাহন, নিহত এজন…

মহানগৰীৰ কামাখ্যা গেটত ভয়ংকৰ পথ দুৰ্ঘটনা।

ফ’র্ড এণ্ডিভ’ৰ বাহনে মহটিয়াই নিলে এল্টো আৰু বুলেটক।

দুৰ্ঘটনাটোৰ ফলত এজন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক।

আনহাতে গুৰুতৰভাৱে আহত হোৱা আন তিনিজনক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত।

মঙ্গলবাৰে দুপৰীয়া সংঘটিত এই দুৰ্ঘটনাত নিহত হোৱা লোকজন প্ৰশান্ত চাকচেনা বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আহত লোকসকল ক্ৰমে জ্যোতিৰ্ময় কুমাৰ দাস, মুনমু তালুকদাৰ, দীপাংকৰ দাস বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মালিগাঁৱৰ কামাখ্যা গেটত এখন ফ’র্ড এণ্ডিভ’ৰ বাহনে মহটিয়াই নিলে এল্টো আৰু বুলেটক।

এই দুৰ্ঘটনাৰ পিছতে ফ’ৰ্ড এণ্ডিভাৰ বাহনখন বাগৰি পৰাৰ লগতে এল্টোখনে বুলেটক মহতিয়াই নি এখন দেৱাল ভাঙি সোমাই যায়।

যাৰ ফলত এল্টোখনৰ আগফাল সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে।

ইপিনে দুৰ্ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

একাংশ উদণ্ড লোকে প্ৰহাৰ কৰিলে যানবাহন আৰক্ষীক।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই চালকক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিল একাংশ লোকে।

এই কাৰ্যত বাধা দিয়াৰ বাবেই যান বাহন আৰক্ষীকো প্ৰহাৰ কৰে একাংশ উদণ্ড যুৱকে।

Leave a Comment