ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ! ৮ বছৰলৈকে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব নেতাগৰাকী…

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ৷

৮ বছৰলৈকে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব কংগ্রেছ নেতাগৰাকী৷

লোকসভা সচিবালয়ে শুকুৰবাৰে এক জাননিৰ জাৰি কৰি এই কথা সদৰি কৰে৷

উল্লেখ্য যে, ২৩ মাৰ্চত গুজৰাটৰ চুৰাত আদালতে দোষী সাৱ্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহিছিল নেতা গৰাকীক।

কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে ২০১৯ চনৰ এক গোচৰৰ বাবে দোষী সাৱ্যস্ত হৈছিল নেতা গৰাকী।

কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোডীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল।

ইয়াৰ পিছতে মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ বাবেই দোষী সাব্যস্ত হৈছিল নেতা গৰাকী।

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক বিৰোধিতা কৰিছে কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই।

জ্যেষ্ঠ কংগ্ৰেছ নেতা মনীষ তিৱাৰীয়ে সিদ্ধান্তটোক ভুল বুলি অভিহিত কৰে।

তেওঁ কয় যে “লোকসভা সচিবালয়ে এজন সাংসদক অযোগ্য ঘোষণা কৰিব নোৱাৰে। ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰি এইটো কৰিব পাৰে৷