কংগ্ৰেছত বিপৰ্যয়! ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ, ৮ বছৰলৈ অৱতীৰ্ণ হ’ব নোৱাৰিব নিৰ্বাচনত…

নিউজ ডেস্কঃ কংগ্ৰেছৰ বাবে এক বৃহৎ বিপৰ্যয়! ২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল দলটোৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ সাংসদ পদ।

লোকসভা সচিবালয়ে ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছতে তেওঁ প্ৰতিনিধিত্ব কৰা বায়ানাড সমষ্টিটোক খালী ঘোষণা কৰে।

যাৰ বাবে নিৰ্বাচন আয়োগে এতিয়া এই আসনৰ বাবে বিশেষ নিৰ্বাচন ঘোষণা কৰিব পাৰিব।

ইফালে ৰাহুল গান্ধীয়ে আগন্তুক ৮ বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলিও ঘোষণা কৰা হৈছে।

ষ্টক কেলেংকাৰীত নাম সাঙোৰ খাই পৰা পুঁজিপতি গৌতম আদানীৰ সৈতে প্ৰধানমন্ত্ৰীৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰা ৰাহুল গান্ধীয়ে তেওঁৰ সাংসদ পদ খাৰিজ কৰাটো এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কংগ্ৰেছ নেতৃত্ব।

চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে গণতন্ত্ৰক হত্যা কৰিবলৈ এনে পন্থা হাতত লোৱা বুলি অভিযোগ তুলিছে কংগ্ৰেছে।

আনহাতে চৰকাৰে এনে ষড়যন্ত্ৰ কৰি দেশৰ পৰা বিৰোধীক নসাৎ কৰাৰ প্ৰয়াস কৰা বুলিও অভিযোগ তুলিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে।

উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে ‘সকলো চোৰৰ উপাধি মোডী কিয়’ বুলি প্ৰশ্ন কৰিছিল।

ইয়াৰ পিছতে বিজেপিৰ বিধায়ক পুৰ্ণেশ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে।

বৃহস্পতিবাৰে গুজৰাটৰ চুৰাটৰ এখন আদালতে এই গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহে।

অৱশ্যে কংগ্ৰেছ নেতাগৰাকীয়ে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পৰাকৈ ৩০ দিনৰ বাবে শাস্তি স্থগিতও ৰাখে একেখন আদালতে।

এতিয়া আদালতত এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব পাৰে ৰাহুল গান্ধীয়ে। এই পদক্ষেপৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতাসকলে কয় যে নিৰ্বাচন আয়োগৰ লগত আলোচনা কৰি সাংসদক অযোগ্য ঘোষণা কেৱল ৰাষ্ট্ৰপতিয়েহে কৰিব পাৰে।

কোনো উচ্চ ন্যায়ালয়ে এই ৰায় বাতিল নকৰিলে আগন্তুক ৮ বছৰলৈ ৰাহুল গান্ধীক নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ দিয়া নহ’ব।