ভয়ংকৰ! আল্ট্ৰা বাছৰ সৈতে নেক্সন বাহনৰ মুখামুখি সংঘৰ্ষ, পিতা-পুত্ৰৰ মৃত্যু

নিউজ ডেস্কঃ গোগামুখৰ চাউলধোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।

আল্ট্ৰা বাছৰ সৈতে নেক্সন বাহনৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনা থিতাতে প্ৰাণ গ’ল পিতা-পুত্ৰৰ।

তেজপুৰৰ পৰা ধেমাজি অভিমুখে গৈ আছিল AS12 AC3061 নম্বৰৰ আল্ট্ৰা বাছখন আৰু লক্ষিমপুৰ পৰা গোগামুখ অভিমুখী আছিল AS07V 6761 নম্বৰৰ নেক্সন বাহনখন।

নিহত দুই পিতা-পুত্ৰ লক্ষিমপুৰ নাওবৈচাৰ ভৰলোৱাৰ ইমান আলী (৫৫) আৰু চেলিমউদ্দিন (২২) বুলি জানিব পৰা গৈছে।

গোগামুখৰ শুকুৰবেৰীয়া বজাৰত ছাগলী কিনিবলৈ নেক্সন বাহনলৈ আহিছিল দুই পিতা-পুত্ৰই।

ঘটনাস্থলীত চাউলধোৱা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।