ৰাসায়নিক উদ্যোগত ভয়ংকৰ বিস্ফোৰণ।
এইপৰ্যন্ত ৮ জন লোকৰ মৃত্যু, মৃত্যুৰে যুঁজিছে কেইবাজনেও।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাপুড় জিলাত।
এটা ফেক্টৰীত বিস্ফোৰণ সংঘটিত হৈ জুই বিয়পি পৰে চাৰিওফালে। যাৰ ফলত ৮ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে আন কেইবাজনো লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, এটা ৰাসায়নিক কাৰখানাত এই ভয়ংকৰ ঘটনা সংঘটিত হয়।
ঘটনাৰ বিষয়ে খবৰ দিয়াৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্বাৰ কাৰ্য চলায়।

কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ১৫ গৰাকীৰো অধিক আহতক উদ্ধাৰ কৰি ততাতৈয়াকৈ নিকট হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
উদ্বাৰকাৰী দলে সদৰি কৰা অনুসৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।









