ৰাষ্ট্ৰীয়অসমীয়া

এটা ম’হক লৈ টনা-আজোৰা দুজনৰ মাজত! প্ৰকৃত গৰাকী কোন জানিবলৈ ম’হৰ ডিএনএ পৰীক্ষাৰ নিৰ্দেশ

নিউজ ডেস্কঃ মানুহৰ ডিএনএ পৰীক্ষা কৰা হয়তো আপুনি বহুবাৰ শুনিছে। কিন্তু ম’হৰ ডিএনএ পৰীক্ষা!

হয়, আচৰিত যেন‌ লাগিলেও এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

উত্তৰ প্ৰদেশৰ চামলি আৰক্ষীয়ে দুবছৰ পূৰ্বে চুৰি হােৱা এটা ম’হৰ ডিএনএ পৰীক্ষাৰ নিৰ্দেশ দিছে।

জানিব পৰা মতে, চামলি জিলাৰ আহমেদগড় গাঁৱৰ নিৱাসী চন্দ্ৰপাল কাশ্যপ নামৰ এজন শ্ৰমিকে অভিযোগ কৰিছিল যে ২০২০ চনৰ ২৫ আগষ্টত তেওঁৰ গোহালিৰ পৰা এটা তিনি বছৰীয়া ম’হৰ পোৱালি চুৰি হৈছিল।

G3 4

পৰৱৰ্তী সময়ত পোৱালিটো ২০২০ চনৰ নৱেম্বৰত চাহাৰনপুৰৰ বীনপুৰ গাঁৱত পোৱা যায় যদিও সতবীৰ সিঙ নামৰ আন এজন লোকেহে ম’হটোৰ মালিক বুলি নিজকে দাবী কৰে।

ম’হ পোৱালিটো চিনাক্তকৰণ সন্দৰ্ভত কাশ্যপে কয় যে মানুহৰ দৰে জন্তুবোৰৰো সুকীয়া বৈশিষ্ট্য থাকে। পোৱালীটোৰ দেহত থকা বিভিন্ন চিনৰ পৰা তেওঁ পোৱালিটো চিনাক্ত কৰিছিল।

তদুপৰি হেৰুওৱাৰ তিনিমাহৰ পাছত যেতিয়া তেওঁ পোৱালিটো দেখা পাইছিল, পোৱালিটোৱেও প্ৰকৃত গৰাকীক সন্মুখত দেখি তেওঁৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিল।

সেইসময়ত কোভিড-১৯ মহামাৰীৰ প্ৰভাৱৰ বাবে এই বিষয়টো শাম কাটিছিল যদিও চন্দ্ৰপাল কাশ্যপে বৰ্তমান পুনৰ ম’হটো তেওঁৰ বিৰুদ্ধে বিষয়টো উত্থাপন কৰিছে।

এটা ম’হক লৈ দুজনৰ মাজত লগা এই টনা-আজোৰাৰ বিষয়টো আৰক্ষীৰ দাৰস্থ হোৱাত অৱশেষত চামলিৰ আৰক্ষী অধীক্ষক সুকৃতি মাধৱে ম’হটোৰ প্ৰকৃত মালিক চিনাক্তকৰণৰ বাবে মাতৃ ম’হ আৰু পোৱালি ম’হ দুয়োটাৰে ডিএনএ পৰীক্ষাৰ নিৰ্দেশ দিয়ে।

আৰক্ষী অধীক্ষক সুকৃতি মাধৱে কয়, “প্ৰকৃত গৰাকী কোন সেইটো বিচাৰি উলিওৱাটো সঁচাকৈয়ে এটা প্ৰত্যাহ্বান। কিন্তু যিহেতু চন্দ্ৰপাল কাশ্যপে দাবী কৰিছিল যে তেওঁৰ ওচৰত পোৱালিটোৰ মাতৃ ম’হটো আছে, সেয়েহে আমি ডিএনএ পৰীক্ষাৰ কৰাৰ সিদ্ধান্ত লৈছো।’’

ইফালে, গোচৰটোৰ তদন্তকাৰী বিষয়া অৰুণ কুমাৰে কয়, “ম’হৰ ডিএনএ পৰীক্ষা শুনা নাযায় আৰু ই একেবাৰে অস্বাভাৱিক। উত্তৰ প্ৰদেশত এনে কোনো পৰীক্ষাগাৰ নাই য’ত জন্তুৰ মাজত এনে ধৰণৰ পৰীক্ষা কৰা হয়। ইতিমধ্যে পশু চিকিৎসকে বৃহস্পতিবাৰে নমুনা সংগ্ৰহ কৰিছে আৰু গুজৰাট নাইবা দিল্লীত সেয়া পৰীক্ষা কৰা হ’ব।”

Leave a Reply

Your email address will not be published. Required fields are marked *