অসম

জোনমণি ৰাভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰাৰ পিছতে হাজিৰ কৰোৱা হয় মাজুলি আদালতত।

মাজুলী আদালতে শনিবাৰে জোনমণি ৰাভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

তিনিদিন ধৰি চলা ধাৰাবাহিক জেৰাৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল জোনমণি ৰাভাক।

আৰক্ষীয়ে পৰৱৰ্তী কাৰ্যপন্থাৰ বাবে নিৰ্দেশনা বিচাৰি ৰাভাক আদালতত হাজিৰ কৰিছিল।

ইয়াৰ পিছতে আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে জোনমণি ৰাভাক।

উল্লেখ্য যে, জোনমণি ৰাভাই নিজেই নগাঁও জিলাত জালিয়াতিৰ অভিযোগত তেখেতৰে হ’বলগীয়া স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে হ’বলগীয়া স্বামী ৰাণা পগাগৰ কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছিল জোনমণি ৰাভাৰ।

ইপিনে গ্ৰেপ্তাৰৰ পাছতে সংবাদ মাধ্যমৰ সমুখত কান্দি কান্দি জোনমণিে নিজৰ ওপৰত লগা গোচৰ মিছা বুলি দাবী কৰে। লগতে এই গোচৰ ৰাণা পগাগৰে অভিসন্ধি বুলি অবিহিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *