ৰাজ্য চৰকাৰৰ অসামৰিক সন্মান ঘোষণা! কৰ্কট ৰোগ বিশেষজ্ঞ ডা০ তপন শইকীয়ালৈ এইবাৰৰ অসম বৈভৱ বঁটা…

নিউজ ডেস্কঃ ৰাজ্য চৰকাৰৰ অসামৰিক সন্মান ঘোষণা।

জনতা ভৱনত কেবিনেট বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ।

বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডা০ তপন শইকীয়ালৈ ৰাজ্য চৰকাৰৰ সৰ্বোচ্ছ অসামৰিক সন্মান অসম বৈভৱ বঁটা।

ভ্ৰাম্যমান জগতৰ মহীৰূহ প্ৰযোজক কৃষ্ণ ৰয়লৈ আগবঢ়োৱা হৈছে অসম সৌৰভ বঁটা।

ফুটবলাৰ গিলবাৰ্টচন চাংমা, স্বৰ্ণজয়ী নয়নমণি শইকীয়া, ড০ বিনয় কুমাৰ শইকীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ড০ শশীধৰ ফুকনলৈ আগবঢ়োৱা হৈছে অসম সৌৰভ বঁটা।

ইফালে অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্ছ বঁটা অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে- নৱগ্ৰহ শ্মসানত শ্মসানবন্ধু হিচাপে সেৱা আগবঢ়োৱা ধৃতিমালা ডেকা, গাহৰি আৰু মীন পালনেৰে স্বনিৰ্ভৰশীলতাৰ পথ দেখুওৱা দেৱজিৎ বৰ্মন, মানস অভয়াৰণ্যৰ টুৰিষ্ট গাইড হিচাপে কৰ্মৰত ৰুষ্টম বসুমতাৰীলৈ।

অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে ব্যৱসায়ী মাঞ্জেলা, প্ৰকৃতি বিশেষজ্ঞ বিনন্দ হাতীবৰুৱা, অসম ইঞ্জিনিয়াৰিং কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অতুল চন্দ্ৰ বৰুৱা, আত্মসহায়ক গোটৰ জৰিয়তে মহিলাক স্বাৱলম্বী কৰা কল্যাণী ৰাজবংশী, শীলা গোৱালা, ড০ যোগেশ দেউৰী, যুৱ ব্যৱসায়ী পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মাংথাং মাৰ, ধ্ৰুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ।