চাঞ্চল্যকৰ! ভগা জুপুৰিটো পকীকৈ বান্ধি দিয়াৰ বিনিময়ত নিজৰ সদ্যোজাত কন্যাক বিক্ৰী এহাল দম্পতীৰ…

নিউজ ডেস্কঃ কিমান দুখত পৰি নিজৰ বুকুৰ সন্তানটি আনৰ হাতত বিক্ৰী কৰিব পাৰে পিতৃ-মাতৃয়ে!

তীব্ৰ আৰ্থিক দীনতা আৰু সন্তানক লালন পালন কৰাত অপৰাগ হোৱাৰ বাবেই সদ্যোজাত সন্তানটিক অন্যৰ হাতত তুলি দিবলৈ বাধ্য হ’ল বাক্সা জিলাৰ বৰমাৰ এহাল দুৰ্ভগীয়া পিতৃ-মাতৃ।

বৰমাৰ গড়ভিতৰ গাঁৱৰ ঠাকুৰ চুপাৰ বিনন্দ দাস আৰু নীলিমা দাস নামৰ দম্পতীহালে নিজৰ ১৫ দিনীয়া কন্যা সন্তানটিক আনৰ ওচৰত বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, লখিমপুৰত কোনো এজনৰ ওচৰত নিজৰ কন্যা সন্তানটিক বিক্ৰী কৰে দম্পতীহালে।

সন্তানটিৰ বিনিময়ত দম্পতীহালৰ ভগা ঘৰটো পকীকৈ বান্ধি দিয়াৰ প্ৰতিশ্ৰুতি দিছে ক্ৰেতাই।

চৰকাৰৰ অভিলাসী আঁচনিয়ে ঢুকি নোপোৱা পৰিয়ালটোৱে সন্তানক ভৰণ পোষণ দিবলৈ অপৰাগ হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে।

অন্যহাতে দম্পতীহালে দুবছৰ পূৰ্বেও এটি সন্তান বিক্ৰী কৰিছিল বুলি অঞ্চলবাসীয়ে জানিবলৈ দিয়ে।