শিশুৰ কলৰৱেৰে গুঞ্জৰিত হ’ল ছিক্কিমত পথ দুৰ্ঘটনাত শ্বহীদ হোৱা জোৱানৰ ঘৰ! পত্নীয়ে জন্ম দিলে মৰমলগা পুত্ৰ সন্তান…

নিউজ ডেস্কঃ শিশুৰ গুঞ্জনেৰে ভৰি পৰিল এগৰাকী শ্বহীদ জোৱানৰ ঘৰ।

ছিক্কিমৰ পথ দুৰ্ঘটনাত শ্বহীদ হোৱা এগৰাকী জোৱানৰ শেষকৃত্যৰ ৮ দিন পিছত পত্নীয়ে জন্ম দিলে এটি মৰমলগা সন্তান।

উল্লেখ্য যে, যোৱা ২৪ ডিচেম্বৰত ছিক্কিমত সংঘটিত হৈছিল এক মৰ্মান্তিক দুৰ্ঘটনা।

ভাৰতীয় সেনাৰ এখন ট্ৰাক পথ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত শ্বহীদ হৈছিল ১৬ গৰাকীকৈ জোৱান।

সেই দুৰ্ঘটনাতে শ্বহীদ হৈছিল হাৰিয়ানাৰ জোঝু কালানৰ চৰখী দাদৰীৰ নিৱাসী ভাৰতীয় সেনা জোৱান অৰবিন্দ সাংৱানো।

জোৱানৰ জনৰ মৃত্যুৰ সময়ত গৰ্ভৱতী আছিল হাৰিয়ানা আৰক্ষীত কৰ্মৰত তেওঁৰ পত্নী পিংকী।

image 17
শিশুৰ কলৰৱেৰে গুঞ্জৰিত হ’ল ছিক্কিমত পথ দুৰ্ঘটনাত শ্বহীদ হোৱা জোৱানৰ ঘৰ! পত্নীয়ে জন্ম দিলে মৰমলগা পুত্ৰ সন্তান… 2

২৭ ডিচেম্বৰত শ্বহীদ জোৱান অৰবিন্দক সম্পূৰ্ণ ৰাজ্যিক আৰু সামৰিক সন্মানেৰে শেষ বিদায় জনোৱা হৈছিল।

তাৰ পিছতে প্ৰায় এসপ্তাহ পিছত এটি পুত্ৰ সন্তান জন্ম দিয়ে শ্বহীদ জোৱানগৰাকীৰ পত্নীয়ে।

শ্বহীদ অৰবিন্দৰ পিতৃ ৰাজেন্দ্ৰ সাংৱানে অৰবিন্দৰ দুয়োগৰাকী পুত্ৰক সেনাবাহিনীত দেশৰ সেৱাৰ বাবে প্ৰেৰণ কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে।

অন্যহাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী অনুপ ধনকেও শ্বহীদ গৃহত উপস্থিত হৈ শ্বহীদ অৰবিন্দ সাংৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালটোক সন্তানপ্ৰাপ্তিৰ বাবে অভিনন্দন জনায়।