ৰাষ্ট্ৰীয়অসমীয়া

ৰাজ্যসভাৰ দৰমহা কৃষক কন্যাৰ শিক্ষাৰ বাবে আগবঢ়াব হৰভজন সিঙে

নিউজ ডেস্ক। ক্ৰিকেট জগতৰ পৰা ৰাজনীতিত ভৰি দিয়া প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে তেওঁৰ ৰাজ্যসভাৰ দৰমহা কৃষক কন্যাসকলৰ শিক্ষা আৰু কল্যানৰ বাবে আগবঢ়োৱাৰ ঘোষণা কৰিছে।

G9 2

যোৱা মাহত আম পাৰ্টীৰ হৈ পঞ্জাৱলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ মনোনীত হোৱা হৰভজন সিঙে এটা টুইটত কয়, “ৰাজ্যসভাৰ সদস্য হিচাপে মই কৃষক কন্যাসকলক তেওঁলোকৰ শিক্ষা আৰু কল্যাণৰ বাবে মোৰ ৰাজ্যসভাৰ দৰমহা আগবঢ়াব বিচাৰো। মই আমাৰ দেশৰ উন্নতিত অৰিহণা যোগাবলৈ যোগদান কৰিছো আৰু মই যি কৰিব পাৰোঁ সেয়া কৰিম। জয় হিন্দ।”

উল্লেখ্য যে, ২০২১ৰ ডিচেম্বৰত সকলো ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত চলিত বছৰৰ ৩১ মাৰ্চত ৰাজ্যসভালৈ মনোনীত হয় হৰভজন সিং।

আনহাতে, ৰাজনৈতিক জীৱনৰ আৰম্ভণিতে হৰভজন সিঙে গ্ৰহণ কৰা সিদ্ধান্তই যথেষ্ট চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *