অসম

গহপুৰৰ শােকাৱহ পথ দুৰ্ঘটনাক লৈ শােক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক। বিহুৰ আনন্দৰ মাজতে এক শোকাৱহ পথ দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ৰাজ্য।

হুঁচৰি গাবলৈ যোৱাৰ পথতে দুৰ্ঘটনাত পতিত বিহুৱা দলৰ বাহন।

যি দুৰ্ঘটনাত ৫ গৰাকীকৈ কিশোৰ-কিশোৰীয়ে কৰুণ মৃত্যুক আকোৱালি ল’ব লগা হয়।

আনহাতে গুৰুতৰভাৱে আহত হৈ বৰ্তমানে চিকিৎসাধীন হৈ আছে আন ৫ গৰাকীকৈ বিহুৱা দলটোৰ সদস্য।

গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা সংঘটিত এই শোকাবহ দুৰ্ঘটনা।

G4 13

হুচৰি গাবলৈ যোৱাৰ পথত এটা বিহুৱা দলৰ বলেৰ’ পিকআপ বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনৰ ভিতৰত আছিল ২০ জন যুৱক-যুৱতী।

নিহত সকলক- ৰাধিকা দৈমাৰী, বুদ্ধিমতী বড়ো, বৰ্ণালী বড়ো, সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ পৰা অসমীয়াতে কৰা এটা টুইটত কয়, ‘অসমৰ বিশ্বনাথ জিলাৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে অতিশয় মৰ্মাহত হৈছো। তেওঁলোকৰ পৰিয়ালবর্গলৈ সমবেদনা জনাইছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’।

Leave a Reply

Your email address will not be published. Required fields are marked *