ৰাজপথত বিদেশী মহিলা ইউটিউবাৰক জোৰকৈ চুমা খোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ ২ যুৱক…

নিউজ ডেস্কঃ মুম্বাইৰ ৰাজপথত বিদেশী মহিলা ইউটিউবাৰক জোৰকৈ চুমা খোৱাৰ চেষ্টা চলাই গ্ৰেপ্তাৰ ২ যুৱক।

সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো।

দৰাচলতে মুম্বাইৰ এই দুই যুৱকে নিৰ্যাতনৰ চেষ্টা চলায় দক্ষিণ কোৰিয়াৰ এগৰাকী যুৱতী ইউটিউবাৰক।

প্ৰথমে এজন যুৱকে ইউটিউবাৰগৰাকীক বন্ধুৰ বাইকত উঠাৰ প্ৰস্তাৱ দিয়ে।

কিন্তু যুৱতীগৰাকীয়ে সেয়া অস্বীকাৰ কৰাৰ পিছত উদণ্ড যুৱকজনে তেওঁক জোৰকৈ চুমা খোৱাৰ চেষ্টা চলায়।

নিজৰ কেমেৰাত বন্দী কৰা এই সমগ্ৰ দৃশ্য পিছত মহিলা ইউটিউবাৰ গৰাকীয়ে শ্বেয়াৰ কৰি লিখিছে, ‘যোৱা নিশা লাইভ ভিডিঅ’ ষ্ট্ৰীমিংৰ সময়ত এজন যুৱকে মোক নিৰ্যাতন চলাইছিল। এই পৰিস্থিতিৰ পৰা সাৰিবলৈ বহুত চেষ্টা কৰিলোঁ।’

বিদেশী ইউটিউবাৰগৰাকীয়ে পুনৰ লিখিছে, ‘মোৰ লগত এজন বন্ধু থকাৰ বাবেই সেই ডেকাজনৰ পৰা মই ৰক্ষা পৰিলোঁ। কিছুমানে দাবী কৰিছে যে মই ইচ্ছাকৃতভাৱে এই কাম কৰিলোঁ। তেওঁলোকৰ মন্তব্য লাইভ ষ্ট্ৰীম কৰাৰ আগতে দুবাৰ ভাবিব লাগিব।”

এই ঘটনাই কঁপাইছে মুম্বাই আৰক্ষী। ভিডিঅ’টো চোৱাৰ পিছতে চিনাক্ত হৈছে দুজন যুৱক। যুৱক ইউটিউবাৰক হাৰাশাস্তি কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োজনক।