সদ্যপ্ৰয়াত মহীৰূহ নিপন গোস্বামী অভিনীত ‘ইশ্বৰ’ আহি আছে শুকুৰবাৰে…

নিউজ ডেস্কঃ যোৱা ২৭ অক্টোবৰত আমাৰ মাজৰ পৰা চিৰবিদায় লৈছিল অসমীয়া চলচ্ছিত্ৰ জগতৰ মহীৰূূহ নিপন গোস্বামীয়ে।

বলিষ্ঠ অভিনয়ৰে দশক দশক ধৰি অসমীয়া ছবিপ্ৰেমীক মোহাচন্ন কৰা নিপন গোস্বামীক কোনোদিনেই পাহৰিব নোৱাৰিব অসমীয়াই।

অসমীয়া ছবিক সমৃদ্ধ কৰি যোৱা এইগৰাকী প্ৰখ্যাত অভিনেতাই জীৱনৰ শেষ বেলাত অভিনয় কৰি যোৱা এখন ছবি মুক্তি পাব ২ ডিচেম্বৰত।

ৰাজ্যৰ ছবিগৃহত অহা ২ ডিচেম্বৰ অৰ্থাৎ শুকুৰবাৰে মুক্তি পাবলগীয়া এই ছবিখন হৈছে ৰুবুল দাস পৰিচালিত আৰু দীনেশ দাস প্ৰযোজিত ‘ইশ্বৰ’।

image 3
সদ্যপ্ৰয়াত মহীৰূহ নিপন গোস্বামী অভিনীত 'ইশ্বৰ’ আহি আছে শুকুৰবাৰে… 2

এই ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে সদ্য প্ৰয়াত অভিনেতা নিপন গোস্বামীয়ে।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰুবুল দাস আৰু দৃষ্টি বৰ্মনে। ছবিখনত আছে অতুল পাচনি, চম্পক শৰ্মা, পংকজ বৰপূজাৰীৰ দৰে বলিষ্ঠ অভিনেতাও।

বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত প্ৰদৰ্শন কৰা হয় ‘ইশ্বৰ’ৰ প্ৰিমিয়াৰ শ্ব’। য’ত নাট্য আৰু ছবি জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু কলা-কুশলীৰ লগতে বহু দৰ্শক উপস্থিত থাকে।