লজ্জাজনক! পাঠদানৰ চলেৰে ছাত্ৰীক অশ্লীল ইংগিত বিজ্ঞানৰ ছাৰৰ, ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক

নিউজ ডেস্কঃ আকৌ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে আন এজন লম্পট শিক্ষকে।

অংক ছাৰৰ পিছত এইবাৰ ৰাইজৰ ৰোষত পৰিল শ্ৰেণীকোঠাত প্ৰেমৰ সূত্ৰ শিকোৱা বিজ্ঞানৰ ছাৰ।

‘মিডল ফিংগাৰ’ দেখাই ছাত্ৰীক অশ্লীল ইংগিত দিয়া বিদ্যালয়ৰ শিক্ষকক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিলে স্থানীয় ৰাইজে।

জানিব পৰা মতে, বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ বিজ্ঞান শিক্ষক আব্দুল আলিমে দীৰ্ঘদিনৰ পৰা বিদ্যালয়খনৰ ছাত্ৰীক অশ্লীল ইংগিত দি আহিছিল।

কেতিয়াবা শ্ৰেণীকোঠাত অশ্লীল কথা কৈ, কেতিয়াবা মধ্য আঙুলি দেখুৱাই অশ্লীল ইংগিত দি বিদ্যালয়খনৰ বহু ছাত্ৰীক মানসিক অত্যাচাৰ চলাই আহিছিল আব্দুল আলিমে।

শেহতীয়াকৈ এই বিষয়ে স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে জানিব পৰাৰ পিছতে লম্পট শিক্ষকজনক কৰায়ত্ব কৰি কাণত ধৰি উঠা বহা কৰোৱায়।

ইয়াৰ পিছতে আৰক্ষীক মাতি গতাই দিয়ে অভিযুক্ত শিক্ষকজনক।

আৰক্ষীয়ে বৰ্তমান আব্দুল আলিমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।