
আদৰণীয় প্ৰধানমন্ত্ৰী আম্বানী জী… মুকেশ আম্বানীক ইলন মাস্কৰ তীব্ৰ কটাক্ষ; ভাৰতত ষ্টাৰলিংকৰ অনুমোদনক লৈ সৃষ্টি নতুন বিতৰ্কৰ
নতুন দিল্লীঃ আদৰণীয় প্ৰধানমন্ত্ৰী আম্বানী জী, মোৰ ক্ষমা প্ৰাৰ্থনা গ্ৰহণ কৰক। মই বুজিব পৰা নাছিলোঁ যে আপুনিয়েই প্ৰকৃততে ভাৰতৰ প্ৰকৃত বছ। – ভাৰতত উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংকৰ অনুমোদনত বিলম্ব ঘটাক লৈ এনেদৰেই ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিশ্বৰ শীৰ্ষ ধনী উদ্যোগপতি তথা স্পেচএক্সৰ মুৰব্বী ইলন মাস্ক।
বিজ্ঞাপন / Affiliate Link
Amazon Great Indian Festivalৰ অফাৰসমূহ চাওক
এই affiliate linkৰ জৰিয়তে ক্ৰয় কৰিলে NEWS8 NorthEast-এ কমিছন লাভ কৰিব পাৰে।
সামাজিক মাধ্যমত আম্বানীৰ একচেটিয়া ব্যৱসায়িক নীতিক তীব্ৰ সমালোচনা কৰে মাস্কে। ভাৰতৰ মহান নাগৰিকক শোষণ কৰি নিজৰ একচেটিয়া আধিপত্য বজাই ৰখাৰ বিপৰীতে ষ্টাৰলিংককো প্ৰতিযোগিতাৰ সুযোগ দিয়াৰ বাবে আম্বানীক আহ্বান জনায় স্পেচএক্সৰ মুৰব্বীজনে। ভাৰতৰ বহু ভিতৰুৱা অঞ্চলত ইণ্টাৰনেট সেৱাৰ অভাৱত শিক্ষা আৰু ব্যৱসায়ত ক্ষতি হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, “প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আন সকলো যোগাযোগ ব্যৱস্থা বিকল হ’লেও মানুহৰ জীৱন ৰক্ষা কৰাত ষ্টাৰলিংক অপৰিহাৰ্য বুলি প্ৰমাণিত হৈছে, গতিকে আপুনিও সমগ্ৰ ভাৰতৰ জনসাধাৰণক ৰক্ষা কৰাত সহায় কৰিব পাৰে।”
উপগ্ৰহ যোগাযোগৰ সেৱাক কেন্দ্ৰ কৰি যোৱা তিনিটা দিনে ধাৰাবাহিকভাৱে ক্ষোভ উজাৰি আহিছে আমেৰিকান উদ্যোগপতিজনে। প্ৰথম দিনা কাৰো নাম নোলোৱাকৈ একাংশ কুবেৰে ষ্টাৰলিংকৰ বাট বন্ধ কৰাৰ অভিযোগ তুলিছিল মাস্কে। দ্বিতীয় দিনা পোনপটীয়াকৈ আম্বানীৰ নাম লৈ ভাৰতৰ প্ৰকৃত শাসক কোন বুলি প্ৰশ্ন উত্থাপন কৰাৰ পিছত অৱশেষত তৃতীয় দিনা আম্বানীক “প্ৰধানমন্ত্ৰী” সম্বোধনেৰে এক তীক্ষ্ণ ব্যংগাত্মক আক্ৰমণ কৰে তেওঁ।
ইফালে, ইলন মাস্কৰ এনে অভিযোগ সম্পূৰ্ণৰূপে খাৰিজ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ এক কাৰ্যসূচীত কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই স্পষ্ট কৰে যে সুনীল ভাৰতী মিট্টালৰ প্ৰতিষ্ঠান, মুকেশ আম্বানীৰ জিঅ’ আৰু মাস্কৰ ষ্টাৰলিংক- এই তিনিওটা সংস্থাই ইতিমধ্যে অনুজ্ঞাপত্ৰ লাভ কৰিছে। চৰকাৰৰ স্থিতি অতি স্পষ্ট বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “ৰাজহৰ ভিত্তিত চৰকাৰে মাছুল নিৰ্ধাৰণ কৰাৰ লগে লগে তেওঁলোকক স্পেকট্ৰাম আৱণ্টন দিয়া হ’ব আৰু প্ৰতিটো সংস্থাই সুৰক্ষাজনিত চৰ্ত পূৰণ কৰাৰ পিছতেই সেৱা আৰম্ভ কৰিব পাৰিব।”






