অসমীয়াঅসম

৬ বছৰ পূৰ্বে পত্নীক এচিডেৰে আক্ৰমণ কৰা ছাইদুলক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

নিউজ ডেস্কঃ ২০১৬ চনত তেতিয়াৰ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খন্দিকৰ গাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক কাণ্ড। সামান্য কাজিয়াৰ পৰিণতিত শহুৰেকৰ ঘৰতে পত্নীক এচিডেৰে আক্ৰমণ কৰিছিল এজন পাষণ্ড স্বামীয়ে। ঘটনাৰ পিছতে পত্নী আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল আক্ৰমণকাৰী লোকজনক।

এই ঘটনাৰ প্ৰায় ৬ বছৰ পিছত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ল অভিযুক্ত ব্যক্তিজনক। বাক্সা জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বুধবাৰে লোকজনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ৫ লাখ টকা ক্ষতিপূৰণ হিচাপে জৰিমণা বিহে।

photo1653545313

উল্লেখ্য যে, ৬ বছৰ পূৰ্বে কামৰূপ জিলাৰ উদিয়ানাৰ নিৱাসী ছাইদুল ইছলাম নামৰ লোকজনে তামুলপুৰৰ শহুৰেকৰ ঘৰতে এচিড ঢালি আক্ৰমণ কৰিছিল পত্নী আৰ্জিনা বেগমক। এই ঘটনাৰ পিছতে আৰক্ষীয়ে ছাইদুলৰ বিৰুদ্ধে তামুলপুৰ থানাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে আৰু পৰৱৰ্তী সময়ত নলবাৰী কাৰাগাৰলৈ প্ৰেৰণ কৰে।

ইফালে ঘটনাৰ সুদীৰ্ঘকালৰ পিছত বাক্সা জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি অভিযুক্ত ছাইদুলক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৫ লাখ টকাৰ জৰিমণা বিহে।

প্ৰণিধানযোগ্য যে, স্বামীৰ আক্ৰমণত আহত আৰ্জিনা বেগমৰ সৈত আদালতত ওকালতি কৰিছিল অধিবক্তা ৰঞ্জিত ছেত্ৰীয়ে। ঘটনাৰ ৬ বছৰ পিছত আদালতে ছাইদুলৰ বিৰুদ্ধে প্ৰদান কৰা ৰায়ত সন্তুষ্টি ব্যক্ত কৰিছে আৰ্জিনা বেগম আৰু তেওঁৰ পৰিয়ালেও।

Leave a Reply

Your email address will not be published. Required fields are marked *