অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ ঘটনা! ঘৰত প্ৰৱেশ কৰি জনপ্ৰিয় অভিনেত্ৰী-ভতিজাকক গুলীয়ালে সন্ত্ৰাসবাদীয়ে, তীব্ৰ চাঞ্চল্য

নিউজ ডেস্কঃ সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত এইবাৰ প্ৰাণ হেৰুৱালে টেলিভিছনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। বুধবাৰে নিশা বুদগাম জিলাৰ ছাদুৰা এলেকাৰ নিজা বাসগৃহৰ সন্মুখতে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে ৩৫ বৰ্ষীয় অভিনেত্ৰী অমৰিন ভাটক।

উল্লেখ্য যে, অমৰিন ভাট টিভিৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ লগতে গায়িকা হিচাপেও সুপৰিচিত আছিল। শেহতীয়াকৈ ৰীল ভিডিঅ’ৰ জৰিয়তে যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল তেওঁ।

photo1653553652

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৭.৫৫ বজাত অভিনেত্ৰীগৰাকীক ছাদুৰাৰ ঘৰৰ সন্মুখতে তিনিজনীয়া সন্ত্ৰাসবাদীৰ দলে গুলীয়াই হত্যা কৰে। ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত অমৰিনৰ ১০ বছৰীয়া ভতিজা ফাৰহান জুবাইও গুৰুতৰভাৱে আহত হয়।

photo1653553658

সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ আঁৰত লস্কৰ-এ-তৈবা জড়িত থকাৰ সন্দেহ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ঘটনাসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নেচনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই টুইট যোগে শোক ব্যক্ত কৰে আৰু হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *