অসম

বটদ্ৰৱা কাণ্ডৰ তদন্তৰ বাবে ছয় জনীয়া এছ আই টি কমিটি গঠন…

বটদ্ৰৱা কাণ্ডৰ তদন্তৰ বাবে SIT গঠন।

সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ছয় জনীয়া এছ আই টি কমিটি।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা)নিৰুপম হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে কমিটি খন।

অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ নেতৃত্বত গঠিত এই কমিটিত আছে উপ-আৰক্ষী অধীক্ষক ত্ৰিদিপ কুম্বাং।

DGP mahanta

লগতে আছে বটদ্ৰবা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহন, ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাস

হয়বৰগাঁও টাউন আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰী, কাৰিকৰী বিভাগৰ আৰক্ষী পৰশমনি হীৰাও আছে SIT কমিটিত।

দুমাহৰ ভিতৰত এই তদন্তকাৰী দলটোয়ে দাখিল কৰিব তদন্তৰ প্ৰতিবেদন।

ইফালে বটদ্ৰবা কাণ্ডত নগাঁও আৰক্ষীৰ কি গাফিলতি আছে তাৰো তদন্ত আৰম্ভ হৈছে।

কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালে কৰিছে এই তদন্ত।

লগতে চাওকঃ

IPL ৰ জুৱাত সৰ্বস্বান্ত হ’ল পোষ্টমাষ্টাৰ! খৰচ কৰিলে গ্ৰাহকৰ ফিক্স ডিপােজিটৰ কােটি টকা

G4 11

Leave a Reply

Your email address will not be published. Required fields are marked *