নিউজ ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাৰ পিছতে ইয়াকে লৈ সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে ললিপপহে খুৱালে বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰি এতিয়া জনজাতিকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি দায়সৰা মন্তব্য কৰা বুলিও ক্ষোভ ব্যক্ত কৰে আছুৰ নেতাগৰাকীয়ে।
তেওঁ লগতে প্ৰশ্ন কৰে যে যদি এয়া কেন্দ্ৰীয় চৰকাৰৰে বিষয়, তেন্তে অসম চৰকাৰে কিয় মন্ত্ৰীগোট গঠন কৰিছিল? এই সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক কি বুলি প্ৰতিবেদন দাখিল কৰিছিল সেয়া স্পষ্ট কৰিবলৈও দাবী জনায় শংকৰজ্যোতি বৰুৱাই।
জনজাতিকণক লৈ কংগ্ৰেছ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰে যিবোৰ কথা দোহাৰিছিল, সেই একেখিনি কথাকেই এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰেও দোহাৰি আছে বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।









