পত্নীৰ সপোন পূৰণ কৰিবলৈ স্বামীয়ে ত্যাগ কৰিলে বেংকৰ চাকৰি! অৱশেষত ন্যায়িক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি উত্তীৰ্ণ হ’ল পত্নী

নিউজ ডেস্কঃ কোৱা হয়- প্ৰতিজন সফল পুৰুষৰ আঁৰত থাকে এগৰাকী মহিলা। কিন্তু মঞ্জুলা ভলোতিয়া নামৰ এগৰাকী মহিলাৰ বাবে যেন এই কথাষাৰি ওলোটাহে হৈ পৰিল। আজি স্বামীৰ ত্যাগৰ ফলতেই উত্তৰ প্ৰদেশৰ উচ্চ ন্যায়িক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে মঞ্জুলাই।

উল্লেখ্য যে, পত্নীৰ এই সপোন পূৰণ কৰিবলৈ নিজৰ বেংকৰ চাকৰি ত্যাগ কৰি দুই সন্তানৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছিল মঞ্জুলাৰ স্বামী সুমিতে। স্বামীৰ ত্যাগ আৰু মঞ্জুলাৰ আশাসুধীয়া প্ৰচেষ্টাই আজি তেওঁক প্ৰদান কৰে অনন্য সফলতা।

image 118
পত্নীৰ সপোন পূৰণ কৰিবলৈ স্বামীয়ে ত্যাগ কৰিলে বেংকৰ চাকৰি! অৱশেষত ন্যায়িক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি উত্তীৰ্ণ হ’ল পত্নী 4

উল্লেখ্য যে, মঞ্জুলা ভলোতিয়াৰ জন্ম হৈছিল ৰাজস্থানৰ জয়পুৰত। আজমেৰত স্কুলীয়া শিক্ষা সম্পন্ন কৰাৰ পিছত তেওঁ জয়পুৰৰ পৰা এলএলবি ডিগ্ৰী গ্ৰহণ কৰে।

তাৰ পিছতে তেওঁ ব্ৰিটেইনৰ পৰা এমবিএ ডিগ্ৰী গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত দুবছৰ ধৰি এটা বিদেশী বেংকত চাকৰিও কৰে মঞ্জুলাই। সেই সময়তে তেওঁৰ কলেজীয়া দিনৰ বন্ধু হাৰিয়ানাৰ ৰোহতকৰ নিৱাসী সুমিতৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

image 119
পত্নীৰ সপোন পূৰণ কৰিবলৈ স্বামীয়ে ত্যাগ কৰিলে বেংকৰ চাকৰি! অৱশেষত ন্যায়িক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি উত্তীৰ্ণ হ’ল পত্নী 5

বিয়াৰ পিছত দুই সন্তানৰ মাতৃত্ব লাভ কৰা মঞ্জুলাই পিছে কেতিয়াও থমকি ৰ’ব বিচৰা নাছিল। সেয়ে স্বামীৰ সহায়ত তেওঁৰ পুনৰ অধ্যয়নৰ প্ৰতি আগ্ৰহী হৈ পৰে। সেই সময়তে তেওঁ উত্তৰ প্ৰদেশৰ ন্যায়িক সেৱাৰ বিষয়ে জানিবলৈ পাই সেই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।

এই সময়ছোৱাত পত্নীৰ কাষত ছাঁৰ দৰে থিয় দি ৰয় স্বামী সুমিত। সুমিত নিজেও এটা বেংকত কৰ্মৰত আছিল। কিন্তু যাতে মঞ্জুলাই ন্যায়িক সেৱাৰ পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰে, তাৰ বাবে তেওঁ নিজেই চাকৰি বাদ দি দুই সন্তানৰ লগতে পৰিয়াল চম্ভালাৰ দায়িত্ব লয়।

image 120
পত্নীৰ সপোন পূৰণ কৰিবলৈ স্বামীয়ে ত্যাগ কৰিলে বেংকৰ চাকৰি! অৱশেষত ন্যায়িক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি উত্তীৰ্ণ হ’ল পত্নী 6

সুমিতৰ এই ত্যাগ আৰু মঞ্জুলাৰ নিষ্ঠা আৰু পৰিশ্ৰমে অৱশেষত আনন্দৰ জোৱাৰ নমালে তেওঁলোকৰ পৰিয়াললৈ। ন্যায়িক সেৱাৰ পৰীক্ষাত উত্তৰ প্ৰদেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি ৰাজস্থান, হাৰিয়ানাৰ লগতে উত্তৰ প্ৰদেশলৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় মঞ্জুলাই।

মঞ্জুলা ভলোতিয়া সফলতাৰ কাহিনী চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমতো। বিভিন্নজনে তেওঁক শুভেচ্চা আৰু অভিনন্দন বাৰ্তাৰে উপ্চাই পেলাইছে। লগতে সকলোৱে প্ৰশংসা কৰিছে পত্নীৰ সপোন পূৰণ কৰিবলৈ চাকৰি ত্যাগ কৰা সুমিতকো।