নিউজ ডেস্কঃ এতিয়াও নিজৰ ওপৰত দৃঢ় বিশ্বাসী ভিক্টৰ দাস। নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলি নিজেই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ভিক্টৰ দাসে পুনৰ চিঞৰি চিঞৰি কৈ গ’ল তেওঁ এতিয়াও ভাগৰা নাই।
আদালতৰ পৰা ওলাই অহাৰ সময়ত আৰক্ষীৰ বাহনৰ পৰা তেওঁ চিঞৰি চিঞৰি কয়- ‘অসমৰ ৰাইজ থাকিলেই হ’ল, মই এতিয়াও ভাগৰা নাই। মই জিকিবই লাগিব।’
উল্লেখ্য যে, অলপতে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাস নামৰ যুৱকজনে। কিন্তু আৰক্ষীৰ মতে, তেওঁ এই অভিযোগ সন্দৰ্ভত কোনো তথ্য প্ৰমাণ দিব পৰা নাই।
ভিক্টৰ দাসৰ অভিযোগ ভিত্তিহীন উৰাবাতৰি সজাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক। তাৰ পিছত বৰ্তমানো আৰক্ষীৰ জিম্মাত থকা ভিক্টৰক আজি পুনৰ হাজিৰ কৰোৱা হয় আদালতত।
আদালতৰ চৌহদত দৃঢ় মন আৰু বলিষ্ঠ কণ্ঠৰে ভিক্টৰে আকৌ চিঞৰিলে- মই ভাগৰা নাই। নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলি চৰকাৰ-প্ৰশাসনৰ ৰোষত পৰা ভিক্টৰ দাস এতিয়াও নিজৰ স্থিতিত অটল।
যিমানেই ভয়-ভাবুকি প্ৰদান কৰি তেওঁৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু নকৰিলেও তেওঁ যে ভাগৰি নপৰে, সেয়াই আকৌ এবাৰ স্পষ্ট কৰি দিলে ভিক্টৰ দাসে। আৰু তেওঁৰ এই দৃঢ়তা অটুট ৰাখিব পৰাকৈ অসমৰ ৰাইজৰ সমৰ্থন যেন বিচাৰিছে ভিক্টৰ দাসে।









