৫০০০ ফুট উচ্চতাত ধোঁৱাৰে ভৰি পৰিল যাত্ৰীবাহী বিমান! জৰুৰী অৱতৰণ

নিউজ ডেস্কঃ মাটিৰ পৰা ৫ হাজাৰ ফুট উচ্চতাত ধোঁৱাময় হৈ পৰিল এখন যাত্ৰীবাহী বিমান। যাৰ বাবে জৰুৰী অৱতৰণ কৰিবলগীয়া হয় যাত্ৰীবাহী বিমানখন।

এই ঘটনা সংঘটিত হৈছে শনিবাৰে। জানিব পৰা মতে, শনিবাৰে পুৱা দিল্লীৰ পৰা জবলপুৰ অভিমুখে উৰা মৰা স্পাইছজেটৰ এখন যাত্ৰীবাহী বিমানৰ উৰণৰ কিছু সময়ত পিছতে কেবিনত ধোঁৱা প্ৰত্যক্ষ হয়।

ইয়াৰ পিছতে যাত্ৰীবাহী বিমানখন দিল্লী বিমান বন্দৰত সুৰক্ষিতভাৱে জৰুৰী অৱতৰণ কৰায় পাইলটে। জানিব পৰা মতে, যাত্ৰীবাহী বিমানখনত মুঠ ২৩০ গৰাকী যাত্ৰী আৰু ক্ৰু মেম্বাৰ আছিল।

অৱশ্যে এই ঘটনাত কোনো যাত্ৰী হতাহত নোহোৱা বুলি নিশ্চিত কৰিছে স্পাইছজেটৰ এগৰাকী বিষয়াই। মাটিৰ পৰা প্ৰায় ৫ হাজাৰ ফুট উচ্চতাত বিমানখনত বিসংগতি ধৰা পৰা বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।