আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদ্ধাৰ ৩ বছৰীয়া পাকিস্তানী শিশু, পৰিয়ালক গতাই দিয়ে বিএছএফে

নিউজ ডেস্ক। ভুলক্ৰমে ভাৰতৰ সীমাত প্ৰৱেশ কৰা এটি ৩ বছৰীয়া শিশুক পুনৰ পৰিয়ালক গতাই দিলে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে।

এই ঘটনা ভাৰতৰ পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ।

ঘটনাটো ১ জুলাই অৰ্থাৎ শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ৰাজ্যখনৰ ফিৰোজপুৰ চেক্টৰত সংঘটিত হয়।

বিএছএফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সীমান্ত সুৰক্ষা বাহিনীৰ জােৱানে আইবিৰ ওচৰত কান্দি থকা অৱস্থাত এটি শিশুক লক্ষ্য কৰে।

p2
আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদ্ধাৰ ৩ বছৰীয়া পাকিস্তানী শিশু, পৰিয়ালক গতাই দিয়ে বিএছএফে 2

অসাবধানবশতঃ শিশুটি পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ সেই ঠাইত উপস্থিত হৈছিল। ইয়াৰ পিছতে বিএফএফৰ জােৱানসকলে শিশুটিক নিৰাপদে উদ্ধাৰ কৰি নিজৰ জিম্মাত লয়।

নিৰ্ধাৰতি প্ৰট’কল অনুসৰি, বিএছএফৰ ফিল্ড কমাণ্ডাৰে পাকিস্তানৰ সীমান্ত বাহিনীৰ সৈতে এই বিষয়ে আলােচনা কৰি শিশুটিৰ চিনাক্তকৰণ কৰে।

ইয়াৰ পাছতে শিশুটিক পৰিয়ালক গতাই দিয়াৰ উদ্দেশ্যে পাকিস্তানৰ সীমান্ত বাহিনীৰ হাতত গতাই দিয়ে।