কটনৰ ঐতিহ্যত কালিমা! কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলত মাৰপিটৰ ঘটনা, আহত কেইবাজনো…

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত মাৰপিটৰ ঘটনা।

কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।

বিশ্ববিদ্যালয়খনৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাস আৰু ৰজনী কান্ত বৰদলৈ হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা সংঘটিত হয়।

অভিযোগ মতে, কটন বিশ্ববিদ্যালয় শ্বহীদ মোজাম্মিল হকৰ ছাত্ৰাৱাসৰ আৱাসীক আৰ কে বি হোষ্টেলৰ ছাত্ৰই মাৰপিট কৰা লগতে হোষ্টেলটোৰ যথেষ্ট ক্ষতি কৰে।

image 9
কটনৰ ঐতিহ্যত কালিমা! কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলত মাৰপিটৰ ঘটনা, আহত কেইবাজনো... 2

হোষ্টেলটোৰ কোঠাৰ দুৱাৰ-খিৰিকীৰ গ্লাছ ভঙাৰ লগতে যথেষ্ট ক্ষতি কৰাৰ অভিযোগ উঠিছে৷ 

আনহাতে মাৰপিটৰ ঘটনাত কেইবাগৰাকীও ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

শ্বহীদ মোজাম্মিল হক ছাত্ৰবাসৰ ছাত্ৰসকলে পান বজাৰ আৰক্ষী থানাত গোচৰ দিয়াৰ সম্ভাৱনা আছে।