অৰুণাচল প্ৰদেশঅসমীয়াৰাষ্ট্ৰীয়

৪ মাহ পূৰ্বে পিতৃ হৈছিল অৰুণাচল প্ৰদেশত শ্বহীদ হোৱা সেনা জোৱান ৰাকেশ

নিউজ ডেস্ক। মাত্ৰ ৪ মাহ পূৰ্বে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল ভাৰতীয় সেনা যেন ৰাকেশ সিঙে। কিন্তু নিয়তিয়ে নিমিষতে যেন সকলো চুৰমাৰ কৰি পেলালে!

অৰুণাচল প্ৰদেশৰ কামেং অঞ্চলত হিমস্খলনৰ ফলত শ্বহীদ হোৱা ৭ গৰাকী সেনা জোৱানৰ মাজত হিমাচল প্ৰদেশৰ ৰাকেশ সিঙো এজন।

হিমাচল প্ৰদেশৰ কাংৰাৰ নিবাসী ২৬ বছৰীয়া ৰাকেশ সিঙৰ পত্নীয়ে মাত্ৰ চাৰিমাহ পূৰ্বে জন্ম দিছিল এটি পুত্ৰ সন্তান।

P7

তথ্য অনুসৰি, ৰাকেশ সিং কাংৰাৰ বৈজনাথ বিধানসভা সমষ্টিৰ কান্দ্ৰাল গাঁও পঞ্চায়তৰ মহেশগড় গাঁৱৰ বাসিন্দা। অৱশ্যে, কাংৰা জিলা প্ৰশাসনৰ ওচৰত বৈজনাথৰ জোৱানজনৰ শ্বহীদ হোৱাৰ বিষয়ে কোনো আনুষ্ঠানিক তথ্য নাই।

কাংৰাৰ এডিএম ৰোহিত ৰাঠৌৰে জানিবলৈ দিয়া মতে জিলা প্ৰশাসনে ইতিমধ্যে সেনাৰ সৈতে যোগাযোগ কৰি আছে। ৰাকেশ সিঙৰ অসুস্থ মাতৃ আৰু পত্নীক এতিয়াও জোৱান গৰাকী শ্বহীদ হোৱাৰ বিষয়ে জনোৱা হোৱা নাই।

p6

উল্লেখ্য যে, ৰাকেশ সিঙৰ পিতৃ জিগাৰী ৰাম সিঙো অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা। শ্বহীদ ৰাকেশে ৭ বছৰ পূৰ্বে ভাৰতীয় সেনাত যোগদান কৰিছিল। সন্তান জন্ম পোৱাৰ সময়ত ৪ মাহ পূৰ্বে তেওঁ ছুটিত ঘৰলৈ আহিছিল।

ইফালে, অৰুণাচলৰ কামেংত হোৱা হিমস্খলনত শ্বহীদ হয় হিমাচল প্ৰদেশৰ আন এজন বীৰ জোৱান অঙ্কেশ ভৰদ্বাজ। ২১ বছৰীয়া অঙ্কেশ ৰাজ্যখনৰ বিলাসপুৰৰ ঘুৰৱী উপ-সংমণ্ডলৰ চেউ গাঁৱৰ বাসিন্দা আছিল।

G04

বুধবাৰে, শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহ জন্মস্থান গাঁৱত উপস্থিত হ’ব আৰু তেওঁৰ অন্তিম সংস্কাৰ সামৰিক সন্মানেৰে সম্পন্ন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *