নিউজ ডেস্কঃ ৪ দিন ধৰি সন্ধানহীন হৈ আছিল স্বামী। আৰক্ষীয়ে চৌদিশে বিচাৰ খোচাৰ কৰিও লাভ কৰা নাছিল কোনো সন্ধান।
ব্যক্তিজনৰ সন্ধান বিচাৰি বিচাৰি যেন হতাশ হৈ পৰিছিল আৰক্ষীৰ লগতে অন্য লোকসকল। কিন্তু তেতিয়াও হাৰ মনা নাছিল পত্নীয়ে।
আৰু অৱশেষত পত্নীয়েই এটা কুঁৱাৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ৪ দিনে সন্ধানহীন হৈ থকা স্বামীক।
এনে এক চাঞ্চল্যকৰ ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ত।
জানিব পৰা মতে, হাথৰস জিলাৰ হাছায়ানৰ নিৱাসী পেছাত ট্ৰাক চালক যোগেন্দ্ৰ কুমাৰ হঠাৎ নিৰুদ্দেশ হৈ পৰিছিল ৩০ নৱেম্বৰৰ নিশা।
ইয়াৰ পিছতে যোগেন্দ্ৰ যাদৱৰ বিচাৰ খোচাৰ আৰম্ভ কৰে পৰিয়ালৰ লগতে আৰক্ষীয়েও।
কিন্তু চাৰি দিন ধৰি চৌদিশে সন্ধান চলাইও ট্ৰাক চালকজনৰ কোনো সম্ভেদ লাভ কৰা নাছিল আৰক্ষী কিম্বা পৰিয়ালে।
সেই সময়তে যোগেন্দ্ৰৰ পত্নী শ্ৰদ্ধাই পতিক বিচাৰি বিচাৰি অৱশেষত এটা কুঁৱাৰ ভিতৰৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
পিছত যোগেন্দ্ৰক হাস্পতালত ভৰ্তি কৰোৱাত লাহে লাহে সুস্থ হৈ উঠিছে ব্যক্তিজন।
কিন্তু ৩০ নৱেম্বৰৰ নিশা তেওঁ কিদৰে সন্ধানহীন হ’ল, সেই ৰহস্য উদঘাটন কৰি যোগেন্দ্ৰই জানিবলৈ দিয়া মতে, সেইদিনা নিশা আলিগড়ৰ পৰা চৰা অঞ্চললৈ তেওঁ বালিভৰ্তি ট্ৰাক এখন লৈ গৈছিল।
নিশা এখন হোটেলত ৰৈ তেওঁ আহাৰ গ্ৰহণ কৰাৰ পিছতে সুৰাপান কৰে। ইয়াৰ পিছতে হোটেলৰ কাষত তেওঁ প্ৰস্ৰাৱ কৰিবলৈ যাওতেই নিচাগ্ৰস্ত হৈ কুঁৱাত বাগৰি পৰে।
পিছত বহু দেৰিলৈকে যোগেন্দ্ৰ উভতি নহাত ট্ৰাকৰ সহকাৰীয়ে হোটেলৰ ইফালে সিফালে বিচাৰ খোচাৰ কৰিও তেওঁৰ কোনো সম্ভেদ নোপোৱাত আৰক্ষী আৰু পৰিয়ালক খবৰ দিয়ে।
ইফালে যোগেন্দ্ৰৰ সন্ধান উলিওৱাত আৰক্ষীও ব্যৰ্থ হোৱাত নিজেই আলিগড়ৰ পৰা চৰা অঞ্চলত উপস্থিত হৈ স্বামীৰ বিচাৰ খোচাৰ আৰম্ভ কৰে।
সেই সময়তে শ্ৰদ্ধা চৰা অঞ্চলৰ হোটেলখনত উপস্থিত হৈ সোধা-পোছা কৰি হোটেলৰ কাষত বিচৰাত কুঁৱাৰ ভিতৰত এজন ব্যক্তি পৰি থকা প্ৰত্যক্ষ কৰে।
লগে লগে তেওঁ স্থানীয় লোকৰ সহযোগত ব্যক্তিজনক কুঁৱাৰ পৰা বাহিৰলৈ উলিয়াই অনাত সেইজনেই যোগেন্দ্ৰ বুলি নিশ্চিত হয়।
তাৰ পিছতে অচেতন হৈ থকা যোগেন্দ্ৰক নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় পত্নীয়ে।
৪ দিনে নিৰুদ্দিষ্ট হৈ থকা স্বামীৰ এনেদৰে সন্ধান উলিওৱা পত্নী শ্ৰদ্ধা এতিয়া সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে।









