
পূৰণ নহ’ল যুগ্ম জীৱনৰ সপোন! বিয়াৰ ৰভাথলীতে দৰাৰ সন্মুখত কইনা শিৱাংগীৰ সৈতে ঘটিল এই ঘটনা…
নিউজ ডেস্কঃ ৰভাথলীত দৰাৰ ডিঙিত বৰমালা পিন্ধায়েই হঠাৎ ঢলি পৰি মৃত্যু বিয়াৰ কইনাৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত।
জীৱনৰ বিশেষ দিনটোত হঠাৎ এনেদৰে কইনাই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ ঘটনাই শোকস্তবদ্ধ কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক।
জানিব পৰা মতে, শুকুৰবাৰে নিশা লক্ষ্ণৌৰ ভাদৱানা নিৱাসী ৰাজপালৰ কন্যা শিৱাংগীৰ বিবাহ আছিল।

নিশা ৰভাঘৰত দৰা উপস্থিত হোৱাৰ পিছত আৰম্ভ হৈছিল বিবাহৰ সামাজিক ৰীতি-নীতি। সেই সময়তে দৰাৰ ডিঙিত বৰমালা পিন্ধোৱাৰ পিছতে হঠাৎ ঢলি পৰে কইনা শিৱাংগী।
লগে লগে সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজতে শিৱাংগীক ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
চিকিৎসকে সদৰী কৰা মতে, হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে বিয়াৰ কইনা শিৱাংগীৰ।
জানিব পৰা মতে, বিয়াৰ ১৫-২০ দিনৰ আগৰে পৰাই অসুস্থতাত ভুগি আছিল শিৱাংগী। চিকিৎসককো দেখুওৱাত শিৱাংগী নিম্ন ৰক্তচাপত ভুগি থকা বুলি জানিবলৈ দিছিল।

চিকিৎসকৰ পৰা চিকিৎসা গ্ৰহণৰ পিছত শিৱাংগী সুস্থ হৈ উঠিছিল যদিও বিয়াৰ দিনটোত পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।
বিয়াৰ দিনটোতো দিনৰ ভাগত শিৱাংগীক মালিহাবাদ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাত চিকিৎসকে পুনৰ নিম্ন ৰক্তচাপৰ কথা উল্লেখ কৰি ঔষধ দিছিল।
সেই ঔষধ খাই সুস্থ হৈ উঠা শিৱাংগীয়ে নিশা দৰাৰ ডিঙিত বৰমালা পিন্ধোৱাৰ পিছতে ঢলি পৰি সাৱটি লয় মৃত্যুক।
ইফালে শিৱাংগীৰ মৃত্যুত শোকত ভাগি পৰা পৰিয়ালটোৱে শনিবাৰে কন্যাৰ শেষ ৰীতি-নীতি সম্পন্ন কৰে। জানিব পৰা মতে, আৰক্ষীক অৱগত নকৰাকৈয়ে শিৱাংগীৰ শেষ কৃত্য সম্পন্ন কৰে পৰিয়ালে।





