মৰ্মান্তিক! সাই বাবাৰ চৰণতে প্ৰাণ ত্যাগ এগৰাকী সাই ভক্তৰ, চিচি টিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য…

নিউজ ডেস্কঃ মৃত্যু চিৰন্তন সত্য! কিন্তু মৃত্যু সদায় বেদনাদায়ক। তাতে যদি মৃত্যু আকস্মিক হয়, তেন্তে সেই মৃত্যুৱে বিচলিত কৰে সকলোকে।

শেহতীয়াকৈ সমগ্ৰ দেশত বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ সংখ্যা। তেনে সময়তে মন্দিৰ দৰ্শনৰ বাবে আহি ইশ্বৰৰ চৰণতে শেষ নিশ্বাস ত্যাগ কৰিলে পুনৰ এজন ব্যক্তিয়ে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ব্যক্তিজনৰ আকস্মিক মৃত্যুৰ এটা ভিডিঅ’। যি ভিডিঅ’ অশ্ৰুসিক্ত কৰিছে লাখ লাখ নেট ব্যৱহাৰকাৰীৰ দুচকু।

এই শোকাবহ ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ কাটনি জিলাত। জিলাখনৰ এটা সাই মন্দিৰলৈ অহা এজন যুৱকে শেষ নিশ্বাস ত্যাগ কৰে সাই বাবাৰ চৰণতে।

যুৱকজনৰ মৃত্যু হৃদক্ৰিয়া বন্ধ হৈ ঘটা বুলি সন্দেহ কৰা হৈছে যদিও তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰাত মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট নহয়।

নিহত যুৱকজনৰ পৰিচয় মধ্যপ্ৰদেশৰ সন্ত নগৰৰ নিৱাসী ৰাকেশ মোহানী (৪২) বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, মৃত ৰাকেশ এখন ফাৰ্মাচীত কৰ্মৰত আছিল। সাই ভক্ত ৰাকেশে প্ৰতি বৃহস্পতিবাৰে সময় উলিয়াই আহিছিল সাই বাবা দৰ্শনৰ বাবে।

যোৱা বৃহস্পতিবাৰেও ৰাকেশে সাই মন্দিৰলৈ আহি সাই বাবাৰ মূৰ্তিৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। তাৰ পিছতে সাই বাবাৰ চৰণত মূৰ দোৱাই বহি পৰে ৰাকেশ।

কিন্তু বহু সময় ধৰি যুৱকজন তেনেকৈয়ে বহি থকাত মন্দিৰৰ পূজাৰীয়ে আহি ৰাকেশক মাত লগাই উঠাবলৈ চেষ্টা চলায়। কিন্তু ইতিমধ্যে সাইবাবাৰ চৰণতে প্ৰাণ ত্যাগ কৰিছিল ৰাকেশে।

তথাপিও যুৱকজনক মন্দিৰ কৰ্তৃপক্ষই হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি নিশ্চিত কৰে।

আনহাতে যুৱকজনৰ এই আকস্মিক মৃত্যুৰ সমগ্ৰ দৃশ্য বন্দী হয় মন্দিৰৰ চিচি টিভি কেমেৰাত।

জানিব পৰা মতে, আৰ্থিকভাৱে সিমান স্বচ্ছল নাছিল ৰাকেশ। ভাৰাঘৰত কোনোমতে জীৱন নিৰ্বাহ কৰা ৰাকেশৰ আছে এটি কণমানি কন্যা সন্তানো।

৪২ বৰ্ষীয় যুৱকজনৰ আকস্মিক মৃত্যুৱে শোকৰ ধুমুহা নমাইছে পৰিয়ালটোলৈ। দিকহাৰা হৈ পৰিছে পত্নী আৰু পৰিয়াল।