নিউজ ডেস্কঃ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাহসিকতাৰে অভিযান চলাই মৃত্যুক সাৱটি লোৱা ভাৰতীয় সেনাৰ কুকুৰ ‘এক্সেল’ক মৰোণত্তৰভাৱে প্ৰদান কৰা হৈছে বীৰত্ব বঁটা।
উল্লেখ্য যে, ৩০ জুলাইত জম্মু-কাশ্মীৰৰ বাৰামুল্লাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত গুলীবিদ্ধ হৈ মৃত্যু ঘটিছিল এক্সেলৰ।

মাত্ৰ ২ বছৰ বয়সতে বলিদান দিয়া এক্সেলে মৃত্যুৰ পূৰ্বে নিৰাপত্তা বাহিনীৰ অভিযানত সহযোগ কৰি সন্ধান উলিয়াইছিল সন্ত্ৰাসবাদীজনৰ। পিছত বাৰামুলাৰ ক্ৰীৰীৰ ভানিগাম বালা অঞ্চলত আঠ ঘণ্টীয়া সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীজনক গুলীয়াই হত্যা কৰে।
দেশৰ হকে চলোৱা অভিযানত প্ৰাণ আহুতি দিয়া এক্সেলৰ বীৰত্বক সন্মান জনাই এইবাৰ স্বাধীনতা দিৱসত প্ৰদান কৰা হৈছে বীৰত্ব বঁটা।

প্ৰণিধানযোগ্য যে, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলক ১০৭টা বীৰত্ব বঁটা প্ৰদানৰ অনুমোদন জনায়। এই সময়ত ভাৰতীয় সেনা, বায়ুসেনাৰ কেইবাগৰাকীও সাহসী জোৱানক সম্বৰ্ধনা জনোৱা হয়।









