অসমীয়াৰাষ্ট্ৰীয়

৩৪ বছৰ পুৰণি গোচৰত এবছৰৰ কাৰাদণ্ড পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজ্যোৎ সিং সিদ্ধুক

নিউজ ডেস্কঃ ৩৪ বছৰ পুৰণি এটা গোচৰৰ বাবে এবছৰৰ কাৰাদণ্ড বিহা হৈছে পঞ্জাৱ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিদ্ধুক। ১৯৮৮ চনৰ ৰোড ৰেজ গোচৰত কংগ্ৰেছৰ নেতাগৰাকীক এবছৰৰ কাৰাদণ্ড বিহে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে, ১৫ মে’, ২০১৮ত আদালতে গোচৰটোৰ তিনি বছৰৰ শাস্তি ১,০০০ টকাৰ জৰিমনালৈ হ্ৰাস কৰিছিল।

Jail For Navjot Singh Sidhu: Sc Enhances Sentence In Road Rage Case | Mint

কিন্তু এইবাৰ, ন্যায়াধীশ এ এম খানউইলকাৰ আৰু এছ কে কৌলৰ বিচাৰপীঠে এই শাস্তি এবছৰৰ কাৰাদণ্ডলৈ সলনি কৰে। তেওঁৰ বিৰুদ্ধে অপৰাধমূলক নৰহত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। শাস্তি ঘোষণা কৰি আদালতে সিদ্ধুক অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

BREAKING: Congress' Navjot Singh Sidhu faces 1-year jail sentence by SC in  1988 road rage case

প্ৰণিধানযোগ্য যে, ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে পঞ্জাৱৰ ৰাজপথত এজন লোকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হয়। গুৰনাম সিং নামৰ এজন ৬৫ বছৰীয়া ব্যক্তিক তেওঁৰ গাড়ীৰ পৰা টানি নি পাটিয়ালাৰ ৰাজপথত প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয় নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি সিদ্ধুৰ আক্ৰমণত মূৰত আঘাত পায় মৃত্যু ঘটিছিল গুৰনাম সিং নামৰ ব্যক্তিজনৰ। ইয়াৰ পিছতে আদালতে শেহতীয়াকৈ গোচৰটোত ডিচচাৰ্জ আদেশৰ পুনৰীক্ষণৰ অনুমতি প্ৰদান কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *