নিউজ ডেস্কঃ অসমত এতিয়া পুনৰ সক্ৰিয় হৈ পৰিছে আলফা স্বাধীন। বিগত কিছু সময়ৰ ভিতৰত শতাধিক অসমীয়া যুৱক-যুৱতীয়ে বাচি লৈছে সশস্ত্ৰ সংগ্ৰামৰ পথ। আলফা স্বাধীনেও ফেচবুকৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তে অসমীয়া যুৱক-যুৱতীসকলক সংগঠনৰ প্ৰতি আকৃষ্ট কৰি আহিছে।
এনে সময়ত বহুতে সামাজিক মাধ্যমযোগে আলফা স্বাধীনক সমৰ্থন জনাই আৰক্ষী-প্ৰশাসনৰ ৰোষত পৰিবলগীয়াও হৈছে। শেহতীয়াকৈ তেনেদৰেই গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল যোৰহাটৰ দেবীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ বিএছচি দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী মেধাৱী ছাত্ৰী।

জানিব পৰা মতে, যোৰহাটৰ টীয়ক থানাৰ অন্তৰ্গত কাৱৈমাৰী এজাৰগুৰিৰ নিৱাসী তথা দেবীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰী নাং বর্ষাশ্রী শদিয়াখোৱা বুঢ়াগোহাঁই (১৮)য়ে প্ৰায়ে সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত বিভিন্ন পোষ্ট কৰি আহিছিল।
যোৰহাটৰ কুশল নগৰৰ এটা ছাত্ৰী নিৱাসত থাকি অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰীৰ ফেচবুক পেজটো নিৰীক্ষণত ৰাখইছিল অসম আৰক্ষীৰ মিডিয়া কোষে।
ছাত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত কৰা পোষ্টৰ ভিত্তিতেই মঙলবাৰে সন্ধিয়া গোলাঘাট জিলাৰ সৰুপথাৰ আৰক্ষীয়ে উৰিয়ামঘাট জয়াপথাৰ গাঁৱৰ এগৰাকী বান্ধৱীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে বৰ্ষাশ্রীক।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৰ্ষাশ্ৰীক বিচাৰি আৰক্ষীয়ে প্ৰথমে ছাত্ৰী নিৱাসত তালাচী চলায় যদিও তাত ছাত্ৰীগৰাকীক নাপাই পিছত মোবাইল ট্ৰেক কৰি বান্ধৱীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বৰ্তমান উৰিয়ামঘাট আৰক্ষী থানাত ২০/২২ নম্বৰত এক গোচৰ ৰুজু কৰি বৰ্ষাশ্ৰীক জে’ললৈ প্ৰেৰণ কৰা হৈছে।

ইফালে আলফা স্বাধীনৰ সমৰ্থনত ফেচবুকত পোষ্ট দি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে মৰিয়নীৰ এজন যুৱকো। মৰিয়নী গাভৰু পৰ্বত চাহ বাগিচাৰ পাহৰ লাইনৰ প্ৰদীপ গড়ৰ পুত্ৰ নবীন গড়ে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত পোষ্ট কৰি আটক হ’বলগীয়া হয়।
জানিব পৰা মতে গাভৰু চাহ বাগিচাৰ শ্ৰমিক নবীন গড়ে কিছুদিন পূর্বে সামাজিক মাধ্যমত আলফা স্বাধীনৰ সপক্ষে এটা পোষ্ট দিছিল। নিষিদ্ধ ঘোষিত সংগঠনৰ পক্ষত পোষ্টটো আপলোড কৰাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে বুধবাৰে যুৱকজনক আটক কৰি জেল হাজোতলে প্ৰেৰণ কৰে।









