ৰাষ্ট্ৰীয়

কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুক এবছৰৰ কাৰাদণ্ড উচ্চতম ন্যায়ালয়ৰ…

কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুক এবছৰৰ কাৰাদণ্ড উচ্চতম ন্যায়ালয়ৰ।

৩৪ বছৰীয়া এক পুৰণি গোচৰত উচ্চতম ন্যায়ালয়ে এবছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোত সিং সিদ্ধুক।

১৯৮৮ চনৰ এক ৰোড ৰেজ গোচৰত সিদ্ধুৰ আক্ৰমণত এজন বৃদ্ধ লোক নিহত হৈছিল।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে সিদ্ধুক ১ হাজাৰ টকাৰ জৰিমনাৰে ৰেহাই দিছিল।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে এতিয়া সিদ্ধুক পাটিয়ালা কাৰাগাৰলৈ প্ৰেৰণ কৰা সম্ভাৱনা আছে।

এই সন্দৰ্ভত সিদ্ধুৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, তেওঁ আইনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধু বৰ্তমান পাটিয়ালাত আছে। তাত তেওঁ নিজৰ আইনী পৰামৰ্শদাতাসকলৰ লগত পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিছে।

উল্লেখ্য যে, উল্লেখ্য যে, ১৯৮৮ চনৰ ২৭ ডিচেম্বৰ তাৰিখে পাটিয়ালাত পাৰ্কিঙক লৈ গুৰনাম সিং নামৰ এজন ৬৫ বছৰীয়া ব্যক্তিৰ সৈতে সিদ্ধুৰ কাজিয়াৰ সূত্ৰপাত হৈছিল। তেওঁলোকৰ মাজত হতাহতিও হৈছিল।

সেই হতাহতিয়েই সিদ্ধুৱে বয়োজ্য়েষ্ঠজনক আঁঠুৰে প্ৰহাৰ কৰি বগৰাই দিয়ে। যাৰ ফলত ব্যক্তিগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয়, যদিও হাস্পতালত মৃত্যু মুখত পৰে।

আই পি চি ৩২৩ ধাৰাত সিদ্ধুৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিল। শাস্তি বিহাৰ পাছত এতিয়া সিদ্ধুক পাঞ্জাৱ আৰক্ষীয়ে নিজৰ জিম্মালৈ নিব।

Leave a Reply

Your email address will not be published. Required fields are marked *