২৮ সহস্ৰাধিক কাছৰ প্ৰাণৰক্ষাৰে প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শন এগৰাকী তৰুণীৰ

কাছৰ জীৱন ৰক্ষা কৰাটোৱেই তৰুণীগৰাকীৰ জীৱনৰ ব্রত

নিউজ ডেস্ক। বিশ্বৰ বিভিন্ন প্ৰান্তত যেন চলিছে পাৰিপাৰ্শ্বিকতা ধ্বংসৰ অঘােষিত প্ৰতিযােগিতা।

ইচ্ছাকৃতভাৱে নাইবা মানুহৰ বিভিন্ন প্ৰদূষণ সৃষ্টিকাৰী কৰ্মকাণ্ডৰ বাবেই সেউজ ধৰিত্ৰীৰ বুকুৰ পৰা চিৰদিনৰ পৰা বিলুপ্তি ঘটিছে অগণিত জীৱকুলৰ।

ইয়াৰ মাজতে পৃথিৱীক প্ৰেম কৰা একাংশ লােকে নিস্বাৰ্থভাৱে অস্তিত্বৰ সংকটত পৰা এনে জীৱকুলৰ ৰক্ষাৰ বাবে উচৰ্গা কৰিছে নিজৰ জীৱন।

বিলুপ্তপ্ৰাপ্ত কাছৰ ৰক্ষাৰ বাবে অহৰ্নিশে তৎপৰ হৈ আছে এগৰাকী তৰুণ, নাম অৰুণিমা সিং। ঘৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত।

2-618cf3487e757

অৰুণিমা সিং আন্তর্জাতিক সংগঠন ‘টার্টল ছাৰভাইভেল এলায়েন্স’ (টিএছএ)ৰ ভাৰত শাখাৰ সদস্যা।

অৰুণিমা সিং

জানিব পৰা মতে, অৰুণিমাই দেশৰ বিভিন্ন অঞ্চলৰ কাছৰ প্ৰাকৃতিক বাসস্থানসমূহ ৰক্ষাৰ বাবে দিনে-নিশাই তৎপৰতাৰে কাম কৰি গৈছে।

বিগত ৮ টা বছৰত ২৮ হেজাৰৰাে অধিক কাছৰ প্রাণৰক্ষা কৰিছে অৰুণিমাই।

প্ৰকৃতি প্ৰেমৰ এনে বিৰল উদাহৰণ দাঙি ধৰা অৰুণিমাক বিভূষিত কৰা হ’ল এক আন্তর্জাতিক সন্মানেৰে।

আন্তর্জাতিক সংগঠন ‘টার্টল ছাৰভাইভেল এলায়েন্স’ (টিএছএ)ৰ ভাৰত শাখাৰ সদস্যা অৰুণিমা এই বছৰৰ ‘নটৱেষ্ট আর্থ হিৰােজ ছেভ দ্য স্পেচিছ এৱাৰ্ড’ৰ বাবে মনােনীত হৈছে।

FD-n7-TPVUAMGQn-H

টিএছএৰ ভাৰত শাখাৰ প্রধান শৈলেন্দ্র সিঙে এই প্ৰসংগত কয় যে ভাৰতত বন্যপ্রাণী সংৰক্ষণৰ আন্দোলনৰ প্রথম শাৰীৰ যােদ্ধা হ’ল অৰুণিমা সিং।

FDqa9vh-UYAATnt1

টিএছএৰ সদস্য ৰাজা মণ্ডলে কয়, ‘উন্নয়নৰ অভিঘাতত উত্তৰপ্ৰদেশৰ বিভিন্ন অঞ্চলৰ অনেক জলাশয় বিপন্ন হৈ পৰিছে। অৰুণিমাই এই পুৰস্কাৰ লাভ কৰাত এই দিশটোত আন্তর্জাতিক মহলৰ সামান্য সংখ্যকৰ হ’লেও দৃষ্টিগােচৰ হ’ব।

FCOr-Bxr-UYAI5-Qgl

উল্লেখ্য যে কমেও আঠটা প্ৰজাতিৰ লৱণহীন পানীত বাস কৰা কাছৰ লগতে উত্তৰপ্ৰদেশৰ গংগা অৱবাহিকাৰ লৱণহীন পানী কুম্ভীৰ, ঘঁৰিয়াল, শিহুসহ নানা বিধ জলচৰ প্রাণীৰ বাসস্থান।

FD1w2p6-XIAIBl-Ju

লৱণহীন পানীৰ বাস্তুতন্ত্ৰৰ ৰক্ষাত এই প্রজাতিসমূহৰ ভূমিকা গুৰুত্বপূর্ণ। প্রধানকৈ এইবােৰক লৈয়ে অৰুণিমা আৰু তেওঁৰ সংস্থাই কাম কৰি আছে।

অৱশ্যে এনে কৰিবলৈ যাওঁতে একাধিকবাৰ চোৰাং চিকাৰী আৰু ভূ-মাফিয়া চক্ৰৰ আক্ৰমণৰাে সন্মুখীন হৈছে অৰুণিমা সিং।

তথাপিও নিজৰ জীৱনকাে তুচ্ছ জ্ঞান কৰি নিষ্পাপ প্ৰাণীকুলৰ ৰক্ষাৰ বাবে নিজৰ সংকল্পৰ বৰা বিচ্যুতি ঘটা নাই এই তৰুণগৰাকী।

লগতে চাওকঃ

কেৱল এটকা ভিক্ষা লোৱা এজন মগনীয়া, যাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিল ৪ হাজাৰ লোক…

Leave a Comment