অসম

আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া…

কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰ।

আমিনগাঁৱত ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ এনকাউণ্টাৰ।

ড্ৰাগছ ব্যৱসায়ী ইনায়োভা এক গুলীবিদ্ধ।

আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীয়াই ড্ৰাগছ মাফিয়া ইনায়োভাক।

ভৰিত গুলী লাগে ড্ৰাগছ মাফিয়া ইনায়োভাৰ।

প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ বৰ্ণিহাটত কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত শুকুৰবাৰে জব্দ হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drugs)।

মহানগৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকসহ আৰক্ষীৰ এক বৃহৎ দলে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে চলাইছিল অই অভিযান৷

মণিপুৰৰ পৰা ড্ৰাগছ মাফিয়াৰ এটা দলে বুজন পৰিমাণৰ ড্ৰাগছখিনি মহানগৰীৰ ভেটাপাৰাৰ ড্ৰাগছ মাফিয়া ইনায়োভাক অৰ্ডাৰ অনুযায়ী সৰবৰাহ কৰিছিল।

আৰক্ষীৰ অভিযানত ইনায়োভাৰ লগতে আটক হৈছে মণিপুৰৰ ৰমেশ কুমাৰ চেত্ৰী আৰু আইথেমচা মুছলাম নামৰ ড্ৰাগছ মাফিয়া দুটা।

ড্ৰাগছ মাফিয়াৰ কেইটাৰ পৰা আৰক্ষীয়ে প্ৰায় আধা কেজি ওজনৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল৷

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য চাৰি কোটি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

নিশা তদন্তৰ সময়তে কুখ্যাত ড্ৰাগছ মাফিয়া ইনায়োভাএমে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি গুলিবিদ্ধ হয়।

কুখ্যাত ড্ৰাগছ মাফিয়াটোক কামৰূপ জিলাৰ তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *