নিউজ ডেস্কঃ ক্ৰমাৎ আৰ্থিক সংকটৰ দিশেৰে গতি কৰিছে ভাৰত। উৎপাদন হ্ৰাস, মূল্যবৃদ্ধি আৰু সংস্থাপনহীনতাই ভাৰতত তীব্ৰ ৰূপ ধাৰণ কৰিছে। এনে সময়তে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক প্ৰতিবেদনে উদ্বেগ বৃদ্ধি কৰিছে সৰ্বত্ৰে।
ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদন অনুসৰি অহা বছৰ, অৰ্থাৎ ২০২৩ত জনবিস্ফোৰণ ঘটিব ভাৰতত। সেই সময়ত জনসংখ্যাৰ দিশত ভাৰতে চীনক চেৰ পেলাব বুলি দাবী কৰিছে ৰাষ্ট্ৰসংঘই।
ৰাষ্ট্ৰসংঘৰ দ্য ৱৰ্ল্ড পপুলেছন প্ৰস্পেক্টছ, ২০২২ৰ প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ নৱেম্বৰ মাহলৈকে বিশ্বৰ জনসংখ্যাই ৬০০ কোটিৰ ঘৰ অতিক্ৰম কৰিব। সমান্তৰালভাৱে অহা বছৰ জনসংখ্যাৰ দিশৰ পৰা চীনক স্পৰ্শ কৰিব ভাৰতে। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে এতিয়া উত্তেজনা আৰম্ভ হৈছে।

২০২২ চনত বিশ্বৰ আটাইতকৈ জনবহুল অঞ্চল দুটা আছিল পূব আৰু দক্ষিণ-পূব এছিয়া। য’ত ইয়াৰ জনসংখ্যা আছিল ২.৩ বিলিয়ন, যিয়ে বিশ্বৰ জনসংখ্যাৰ ২৯ শতাংশক প্ৰতিনিধিত্ব কৰে। মধ্য আৰু দক্ষিণ এছিয়াত ২.১ বিলিয়ন বা বিশ্বৰ ২৭ শতাংশ জনসংখ্যা আছিল। ২০২২ চনত এই অঞ্চলৰ সৰ্বাধিক জনসংখ্যাৰ বাবে চীন আৰু ভাৰত দায়ী বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। দুয়োখন দেশৰ জনসংখ্যা ১৪০ লাখতকৈ অধিক বৃদ্ধি পাইছে।
প্ৰতিবেদন অনুসৰি ২০২২ চনৰ শেষলৈকে ভাৰতৰ জনসংখ্যা হ’বলৈ গৈ আছে ১.৪১২ বিলিয়ন। চীনৰ জনসংখ্যা হ’ব ১.৪২৬ বিলিয়ন। এনে পৰিপ্ৰেক্ষিতত ২০২৩ চনত কেৱল ভাৰতে চীনক জনসংখ্যাৰ দিশৰ পৰা অতিক্ৰম কৰাই নহয়, ২০৫০ চনলৈ ভাৰতৰ জনসংখ্যা ১৬৬ কোটি হ’ব বুলি অনুমান কৰা হৈছে। তেতিয়া চীনৰ জনসংখ্যা হ’ব ১৩১ কোটি।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে চলিত বৰ্ষৰ বিশ্ব জনসংখ্যা দিৱস এক মাইলৰ খুঁটি। তেওঁ কয় যে এইবাৰ বিশ্বৰ জনসংখ্যা ৬০০ কোটি অতিক্ৰম কৰিব পাৰে।
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে ভাৰতত উদ্বেগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। কাৰণ- খাদ্য, বাসস্থান আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ইতিমধ্যে সমস্যাৰ সৃষ্টি হৈছে। খেতি কৰিব পৰা মাটিৰ পৰিমাণো কমি আহিছে। গণ বিস্ফোৰণ ঘটিলে খাদ্য সংকটৰ আশংকা থাকে। অৰ্থনৈতিক অৱস্থা উন্নত হ’লেও জনসংখ্যা নিয়ন্ত্ৰণ ভাৰতৰ বাবে এক প্ৰত্যাহ্বান হ’ব পাৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।
চীনে যদিও এটা সন্তান জন্ম নীতি গ্ৰহণ কৰিছে, তথাপিও সেই দেশত জন্ম নিয়ন্ত্ৰণ কৰাটো সম্ভৱ। কিন্তু ভাৰতত নহয়। যদিও প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰয়াত সঞ্জয় গান্ধীয়ে এক সন্তান নীতিৰ আহ্বান জনাইছিল, তথাপিও তাক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল।









