সুন্দৰী অপৰাধী! বিমানবন্দৰত বিদেশী যুৱতীৰ পৰা জব্দ ৯০ লাখ টকা মূল্যৰ অবৈধ সোণ…

অবৈধ সোণসহ বিমানবন্দৰত আটক বিদেশী যুৱতী।

ৰাজস্থানৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আটক হৈছে এটা বৃহৎ সোণৰ চোৰাং ব্যৱসায়ী চক্ৰ।

বেংককৰ তিনিগৰাকী যুৱতীৰ সন্দেহজনক গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখি শুল্ক বিভাগৰ দলে জেৰা কৰাত সোণৰ চোৰাং সৰবৰাহৰ কথা পোহৰলৈ আহে।

প্ৰথমে যুৱতীকেইগৰাকীয়ে সোণৰ চোৰাং ব্যৱসায়ৰ কথা অস্বীকাৰ কৰিছিল যদিও শুল্ক বিষয়াসকলে তেওঁলোকৰ সামগ্ৰীবিলাক অনুসন্ধান কৰাত তেওঁলোকৰ হেণ্ডবেগত ৬ ডাল সোণৰ ব্ৰেচলেট আৰু ৩ ডাল সোণৰ চেইন উদ্ধাৰ কৰে।

জব্দ কৰা সোণৰ মুঠ ওজন ১.৭২ কিলোগ্ৰাম আৰু সোণখিনিৰ বজাৰ মূল্য ৯০ লাখ টকাতকৈও অধিক।

জয়পুৰ শুল্ক বিভাগৰ অতিৰিক্ত সঞ্চালক ভাৰত ভূষণ আটালে জনোৱা মতে বেংককৰ তিনিগৰাকী যুৱতীয়ে স্কেন নকৰাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই যাবলৈ চেষ্টা কৰি আছিল। এই কথাটো, বিমানবন্দৰত নিযুক্ত শুল্ক দলটোৰ চকুত পৰে। তেওঁলোকৰ মাজৰে এজনী ছোৱালী মেটেল ডিটেক্টৰৰ দ্বাৰা পৰীক্ষা কৰোঁতে আন এগৰাকীয়ে তাইৰ হাতৰ বেগটো স্কেন নকৰাকৈ কৌশলেৰে ধৰি ৰাখিছিল।

ইয়াৰ পিছত, তেওঁলোকক প্ৰশ্ন কৰাত তেওঁলোকে সন্তোষজনক উত্তৰ নিদিয়াত শুল্ক দলটোৱে যুৱতীসকলৰ হাতৰ বেগত তালাচী চলাই সোণ খিনি উদ্ধাৰ কৰে।

ঘটনাৰ পিছতেই শুল্ক দলটোৱে তিনি বিদেশী যুৱতীক গ্ৰেপ্তাৰ কৰে।

শুল্ক বিভাগৰ সূত্ৰই জনোৱা মতে তিনিগৰাকীৰ ভিতৰতে এগৰাকী যুৱতী কেইবাবাৰো ভাৰতলৈ আহিছে। আন দুগৰাকী প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল বুলি জানিব পৰা গৈছে।

শুল্ক বিভাগে তিনিওগৰাকীক জেৰা কৰি চোৰাং ব্যৱসায়ৰ লগত জড়িত তথ্য বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।