অসমত বাহুবলী অপসংস্কৃতি চলিবলৈ দিয়া নহ’বঃ কঠোৰ সকিয়নী বিশেষ DGP জিপি সিঙৰ

নিউজ ডেস্কঃ ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ বাবেই কেইজনমান উদণ্ড যুৱকৰ শাৰীৰিক-মানসিক অত্যাচাৰৰ বলি হৈ আত্মহত্যাৰ পথেৰে জীৱনৰ পৰা বিদায় লোৱা বিনীতক ন্যায় প্ৰদানৰ দাবী তুলিছে ডিব্ৰুগড়ৰ শ শ জনতাই।

image 108
অসমত বাহুবলী অপসংস্কৃতি চলিবলৈ দিয়া নহ’বঃ কঠোৰ সকিয়নী বিশেষ DGP জিপি সিঙৰ 5

উল্লেখ্য যে, বিনীত বাগাৰিয়াৰ আত্মহত্যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে ৯ জুলাইত সৰবৰহী যুৱকজনৰ বাসগৃহত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিয় বিনীতৰ পৰিয়ালে বাৰাম্বাৰ অভিযোগ কৰাৰ পিছতে অভিযুক্তক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ডিব্ৰুগড় আৰক্ষীক প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীয়ে।

photo1657606646
অসমত বাহুবলী অপসংস্কৃতি চলিবলৈ দিয়া নহ’বঃ কঠোৰ সকিয়নী বিশেষ DGP জিপি সিঙৰ 6

লগতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ ব্যৰ্থতাই তেওঁ লজ্জানত কৰা বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ পিছতে সোমবাৰে বিনীত বাগাৰিয়াৰ বাসগৃহত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিং।

photo1657606665
অসমত বাহুবলী অপসংস্কৃতি চলিবলৈ দিয়া নহ’বঃ কঠোৰ সকিয়নী বিশেষ DGP জিপি সিঙৰ 7

আৰক্ষীয়ে কৰা হেমাহিৰ বাবে বিনীতৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰে বিশেষ ডিজিপি জিপি সিঙে। তাৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে অসমত বাহুবলী অপসংস্কৃতি কোনোপধ্যেই চলিবলৈ দিয়া নহয়।

photo1657606675
অসমত বাহুবলী অপসংস্কৃতি চলিবলৈ দিয়া নহ’বঃ কঠোৰ সকিয়নী বিশেষ DGP জিপি সিঙৰ 8

আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলিও মন্তব্য কৰে জিপি সিঙে। তদুপৰি ৬০ দিনৰ ভিতৰত স্থানীয় আৰক্ষীক অভিযোগনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে বিশেষ ডিজিপিয়ে।

উল্লেখ্য যে, সোমবাৰে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান গৰাকী বিনীত বাগাৰিয়াৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে মঙলবাৰে পুৱাই বুলডোজাৰ চলে ২ অভিযুক্ত বৈদুল্লা খান আৰু চামচুল্লা খানৰ বাসগৃহত।

ডিব্ৰুগড় প্ৰশাসনে মঙলবাৰে পুৱাই অভিযান চলাই বুলডোজাৰেৰে ভাঙি পেলায় বিনীত বাগাৰিয়া আত্মহত্যা গোচৰৰ দুই মূল অভিযুক্তৰ বাসগৃহ।