১৬ ছেপ্তেম্বৰৰ পৰা লাভ কৰিব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ মেচৰ টিকট, টিকটৰ মূল্য জানক…

অহা ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ মেচ।

যাৰ বাবে ইতিমধ্যেই সম্পূৰ্ণৰ অসম ক্ৰিকেট সন্থা।

আজি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এক সংবাদমেলৰ আয়োজন কৰে অসম ক্ৰিকেট সন্থাই। সংবাদমেলত টিকটৰ মূল্যৰ সবিশেষ প্ৰকাশ কৰে সন্থাৰ বিষয় ববীয়াই।

ইয়াৰ উপৰি, দৰ্শকৰ বাবে ১৬ ছেপ্তেম্বৰ অৰ্থাত শুকুৰবাৰৰ পৰা মুকলি কৰি দিয়া হ’ব টিকট।

দৰ্শকে ১১ বজাৰ পৰা ক্ৰয় কৰিব পাৰিব টিকট। প্ৰথম পৰ্যায়ত দিয়া হ’ব ১৫ হাজাৰ টিকট।

image 121
১৬ ছেপ্তেম্বৰৰ পৰা লাভ কৰিব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ মেচৰ টিকট, টিকটৰ মূল্য জানক... 2

আনহাতে, দ্বিতীয় পৰ্যায়ত ২৬ তাৰিখে ৫ হাজাৰ টিকট মুকলি কৰি দিয়া হ’ব।

টিকটসমূহ Book My Showৰ জৰিয়তে প্ৰদান কৰিব বুলি সংবাদমেলত জনায়।

উল্লেখ্য যে, ২ হাজাৰ টকাৰ পৰা ৬ হাজাৰ টকালৈ নিৰ্ধাৰণ টিকটৰ মূল্য। ছাত্ৰ-ছাত্ৰীৰ বাবে টিকটৰ মূল্য ৪৭৫ টকা ধাৰ্য কৰিছে।