১২ বছৰ বয়সতে ধৰ্ষণৰ বলি হৈ এটি পুত্ৰ সন্তান জন্ম দিছিল এগৰাকী মহিলাই! সুদীৰ্ঘ ২৮ বছৰ পিছত এতিয়া পুত্ৰৰ সহায়ত লাভ কৰিলে ন্যায়

নিউজ ডেস্কঃ ১২ বছৰ বয়সতে দুই পাষণ্ডৰ ধৰ্ষণৰ বলি হৈ এটি পুত্ৰ সন্তানৰ মাতৃ হৈছিল এগৰাকী ভুক্তভূগী মহিলা। এই ঘটনাৰ সুদীৰ্ঘ ২৮ বছৰ পিছত এতিয়া পুত্ৰৰ সহযোগত ন্যায় লাভ কৰিবলৈ সক্ষম হ’ল মহিলাগৰাকীয়ে।

২৮ বছৰ পূৰ্বে মহিলাগৰাকীক বলাৎকাৰ কৰাৰ অপৰাধত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে দুই লম্পট ভাতৃক।

উল্লেখ্য যে, ১৯৯৪ চনত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ সদৰ বজাৰত দুই লম্পট ভাতৃয়ে সংঘটিত কৰিছিল এক ধৰ্ষণকাণ্ড। এগৰাকী ১২ বছৰীয়া কিশোৰীক ঘৰত অকলে থকাৰ সুযোগ লৈ নিজৰ কামনা চৰিতাৰ্থ কৰিছিল নাকি হাছান আৰু গুড্ডু নামৰ দুই ভাতৃয়ে।

ইফালে এই ধৰ্ষণ কাণ্ডৰ পিছত সামাজিক লজ্জাৰ ভয়তে সমগ্ৰ ঘটনা গাপ দি ৰাখিছিল কিশোৰী গৰাকীৰ পৰিয়ালে। এই ধৰ্ষণৰ পিছতে কম বয়সতে এটি পুত্ৰ সন্তানো জন্ম দিয়ে ভুক্তভূগী কিশোৰী গৰাকীয়ে।

কিন্তু সমাজত অপমানিত হোৱাৰ ভয়ত শিশুটিক হাৰদোইৰ এজন আত্মীয়ৰ হাতত চমজাই দিয়ে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে। ইয়াৰ পিছতে ২০০০ চনত গাজীপুৰৰ এজন ব্যক্তিৰ সৈতে মহিলাগৰাকী বিবাহ পাশত আৱদ্ধ হয় যদিও এই বিবাহ বেছি দিন নিটিকিল। স্বামীয়ে মহিলাগৰাকীৰ ধৰ্ষণকাণ্ডৰ বিষয়ে জানিব পৰাৰ পিছতে এৰি দিয়ে তেওঁক।

অন্যহাতে এই ঘটনাৰ ২৮ বছৰ পিছত এজন চফল যুৱক হৈ উঠা মহিলাগৰাকীৰ পুত্ৰই শেহতীয়াকৈ মাতৃৰ জীৱনৰ কাহিনীৰ বিষয়ে জানিব পাৰি ন্যায় প্ৰদানৰ সিদ্ধান্ত লয়। সেই অনুসৰি আদালতৰ নিৰ্দেশ অনুসৰি তেওঁলোকে শ্বাহনাজপুৰত এখন এজাহাৰ দাখিল কৰে দুই অভিযুক্ত ভাতৃৰ বিৰুদ্ধে।

মহিলাগৰাকী আৰু তেওঁ পুত্ৰই দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। ইফালে আৰক্ষীৰ তদন্তৰ বিষয়ে জানিব পাৰি শ্বাহজাহানপুৰৰ পৰা হাৰদোইলৈ পলায়ন কৰি দুই ভাতৃয়ে তাতেই নতুনকৈ ব্যৱসায় আৰম্ভ কৰে।

কিন্তু আৰক্ষীয়ে দুয়োজন অভিযুক্তৰ মোবাইল নম্বৰ ট্ৰেছ কৰি অৱশেষত শ্বাহজাহানপুৰলৈ কোনো কামত অহাৰ সময়তে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গুড্ডুক। তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই বুধবাৰে গ্ৰেপ্তাৰ কৰে আনজন অভিযুক্ত নাকি হাছানকো।

দুয়ো অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰাৰ পিছত শেহতীয়াকৈ আদালতে দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। অন্যহাতে সুদীৰ্ঘ ২৮ বছৰ পিছত মহিলাগৰাকীয়ে পুত্ৰৰ সহায়ত ন্যায় লাভ কৰাৰ ঘটনাই এতিয়া সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।