পুৱাই হাতত ত্ৰিৰংগা লৈ শিক্ষাৰ্থীৰ সৈতে সমদলত ভাগ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

আজিৰে পৰা তিনিদিনীয়াকৈ দেশত উদযাপন হ’ব স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা।

দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে।

image 94
পুৱাই হাতত ত্ৰিৰংগা লৈ শিক্ষাৰ্থীৰ সৈতে সমদলত ভাগ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই... 4

শনিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰভাত ফেৰী কাৰ্যসূচীৰে বিশাল সমদল উলিওৱা হৈছে।

image 95
পুৱাই হাতত ত্ৰিৰংগা লৈ শিক্ষাৰ্থীৰ সৈতে সমদলত ভাগ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই... 5

শনিবাৰে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহানগৰীৰ কামৰূপ একাডেমী, টি.চি স্কুল লগতে দাঁতি কাষৰীয়া বহুকেইখন বিদ্যালয় সমবেত হৈ হাতত ত্ৰিৰংগা লৈ সমদলেৰে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰে।

image 96
পুৱাই হাতত ত্ৰিৰংগা লৈ শিক্ষাৰ্থীৰ সৈতে সমদলত ভাগ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই... 6

গুৱাহাটী ক্লাৱৰ টি.চি স্কুলৰ পৰা দীঘলীপুখুৰী পৰিভ্ৰমণ কৰি প্ৰেছ ক্লাৱ আমবাৰীৰ সন্মুখেৰে আহি পুনৰ টি.চি স্কুলত এই কাৰ্যসূচী সামৰণি মাৰে।