বংগােপ সাগৰত নিম্ন চাপ! অসমত প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্ক। উত্তৰ-পশ্চিম বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে অসমৰ বিভিন্ন ঠাইৰ লগতে সমগ্ৰ উত্তৰ পূবতে শনিবাৰৰ পৰা অহা ১৬ আগষ্টলৈকে প্ৰবল বৰষুণ হােৱাৰ আগজাননী দিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

G4
বংগােপ সাগৰত নিম্ন চাপ! অসমত প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ 3

কেৱল অসমেই নহয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো অহা মঙলবাৰ পর্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সতর্কবাণী দিয়া হৈছে।

বৰষুণৰ প্ৰকোপ ইমানে বৃদ্ধি হ’ব পাৰে যে এই কেইদিনত অসমত ৬৪.৫ মিলিমিটাৰৰ পৰা ১১৫.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ পৰিব পাৰে।

ইফালে, গুৱাহাটী মহানগৰীত শনিবাৰৰ দিনা প্ৰচণ্ড বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

এনে পৰিপ্ৰেক্ষিতত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বতৰে কিছু বিধি-পথালিৰ সৃষ্টিৰ কৰাৰ আশংকা ঘনীভূত হৈ পৰিছে।

লগতে চাওকঃ

হৃদয়স্পৰ্শী! এটা নাহৰফুটুকী বাঘক ৰাখী বান্ধিলে এগৰাকী মহিলাই, ভাইৰেল ছবিয়ে হৃদয় জিনিছে সকলোৰে

G2 3
বংগােপ সাগৰত নিম্ন চাপ! অসমত প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ 4