নিউজ ডেস্কঃ সুখী হ’বলৈ দামী উপহাৰ বা বিলাসী ৰেষ্টুৰেণ্টত নৈশ আহাৰৰ প্ৰয়োজন নাই।
সৰু সৰু কাৰণবোৰেই সুখী কৰি তুলিব পাৰে, যদিহে আপুনি সুখী হ’বলৈ জানে।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটি কণমানি যিদৰে সুখী হৈ পৰা গ’ল পিতৃয়ে নতুন চাকৰি লাভ কৰাৰ বিষয়ে জানি।
কিন্তু পিতৃয়ে কোনো মাল্টিনেশ্যনেল কোম্পানীত চাকৰি লাভ কৰা নাছিল। মাত্ৰ চাকৰি লাভ কৰিছিল এটা ফুড ডেলিভাৰী কোম্পানীত।
চুইগী নামৰ ফুড ডেলিভাৰী কোম্পানীত চাকৰি লাভ কৰা পিতৃৰ সুখত সুখী হৈ পৰা কণমানিজনীৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
ভিডিঅ’ প্ৰত্যক্ষ কৰি মন ভৰি পৰিছে নেট ব্যৱহাৰকাৰীৰো।
ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে- স্কুল ইউনিফৰ্ম পৰিহিত এগৰাকী ১০-১২ বছৰীয়া ছোৱালীয়ে চকুত হাত দি থিয় হৈ আছে।
যেতিয়া কণমানিজনীয়ে চকু মেলে, তেতিয়া কাষত দেউতাকে হাতত এটা চুইগীৰ টি-চাৰ্ট লৈ থিয় হৈ থকা দেখা পায়।
দেউতাকৰ হাতত ফুড ডেলিভাৰী কোম্পানীটোৰ টি-চাৰ্ট দেখি কন্যাই নিশ্চিত হয় যে তাইৰ পিতৃয়ে চুইগীত সংস্থাপন লাভ কৰিছে।
তাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰা কণমানিজনীয়ে পিতৃক সাৱটি ধৰি স্ফূৰ্তি কৰা দেখা যায়।
দেখাত এয়া এক তেনেই সাধাৰণ ভিডিঅ’ হ’লেও সেই মুহূৰ্তৰ পিতৃ-কন্যাৰ আনন্দিত মনে হৃদয় ভৰাই তুলিছে নেট ব্যৱহাৰকাৰীৰ।









